নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ক’ৰোনা আক্রান্ত অসমৰ জোৱানৰ সংখ্যা ১৭লৈ বৃদ্ধি

মুম্বাইতো দুই অসমীয়াৰ দেহত ক’ভিড–১৯

নিয়মীয়া বাৰ্তা, ৩ মে’ : কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) ৩১নং বেটেলিয়নত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ, অর্থাৎ ক’ভিড–১৯ৰ সংক্রমণে ৷ বেটেলিয়নটোৰ দিল্লীৰ ময়ূৰ বিহাৰস্থিত শিবিৰৰ সকলো বিষয়া–জোৱানেই সম্প্রতি কোৱাৰেণ্টাইনত ৷ এজন উপ–পৰিদর্শকৰ মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে ৷ মৃত্যুক সাবটি লোৱা উপ–পৰিদর্শকজন অসমৰ বৰপেটা জিলাৰ সৰুপেটাৰ বৰবৰী গাঁৱৰ মহম্মদ ইক্রাম হুছেইন ৷ তদুপৰি এতিয়ালৈকে শিবিৰটোৰ ১২২জন জোৱানৰ দেহত ক’ভিড–১৯ পোৱা গৈছে৷ এই সংখ্যা আৰু বৃদ্ধি পোৱাটো নিশ্চিত ৷ কিয়নো পৰীক্ষাগাৰলৈ প্রেৰণ কৰা ১০০টা নমুনাৰ ফলাফল ওলাবলৈ বাকী আছে ৷ গুৰুত্বপূর্ণ কথাটো হ’ল উপ–পৰিদর্শক ইক্রাম হুছেইনৰ মৃত্যু হোৱাৰ বিপৰীতে শিবিৰটোত থকা অসমৰ জোৱানো আক্রান্ত হৈছে ন’ভেল ক’ৰোনা ভাইৰাছত ৷

প্রথমতে অসমৰ ৮জন জোৱানলৈ মাৰাত্মক ভাইৰাছ সংক্রমিত হৈছিল যদিও বর্তমান এই সংখ্যা হৈছেগৈ ১৭জনলৈ ৷ শুকুৰবাৰৰ দিনটোতে আন ৯জন জোৱানৰ দেহত ক’ভিড–১৯ পোৱা গৈছে ৷ দিনৰ ভাগত ৪জন আৰু নিশা আন ৫জনৰ নমুনা ‘পজিটিভ’ ওলোৱাৰ ফলাফল আহে পৰীক্ষাগাৰৰ পৰা ৷ ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা এই ৯ অসমীয়া জোৱানৰ নাম হ’ল– ৰত্নেশ্বৰ কছাৰী, আজহাৰ আলী, খাজ মুনুৱাদ্দিন, পংকজ গোহাঁই, ভদ্রেশ্বৰ নাথ, সুজিত নাথ, পংকজ কুমাৰ নাথ, জ্ঞানজিৎ লাহন আৰু ধ্রুৱজ্যোতি শইকীয়া ৷ ইয়াৰে আজহাৰ আলীৰ ঘৰ বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত গৰিয়া চুবাত আৰু পংকজ কুমাৰ নাথ হৈছে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ চৰাইবাহী খাইগৰিলা গাঁৱৰ বাসিন্দা ৷ সেইদৰে জ্ঞানজিৎ লাহনৰ ঘৰ হৈছে জামুগুৰিহাটৰ শ’লগুৰিত ৷

উক্ত ৯ জোৱানৰ এজনৰ ঘৰ দৰং জিলাৰ ছিপাঝাৰত বুলি জানিব পৰা গৈছে ৷ আনসকলৰ সবিশেষ তথ্য আমাৰ হাতত পৰা নাই ৷ উল্লেখ্য যে চি আৰ পি এফৰ ৩১নং বেটেলিয়নত কর্মৰত ইতিপূর্বে ক’ভিড–১৯ আক্রান্ত ৮ অসমীয়া জোৱান বর্তমান মণ্ডোলীৰ কোৱাৰেইণ্টাইন শিবিৰত চিকিৎসাধীন হৈ আছে ৷ তেওঁলোক হ’ল বাগ্সা জিলাৰ গোৱর্ধনাৰ সমীপৰ জেংৰেংপাৰাৰ অংকুৰ নাথ, টীয়কৰ দেৱজিৎ বৰুৱা, ডিব্রুগড়ৰ টংকেশ্বৰ বৰা, টিহুৰ প্রফুল্ল চন্দ্র দাস, চাংসাৰিৰ আঠিয়াবৈৰ কুমুদ কলিতা, তামুলপুৰৰ ভাটপাৰাৰ মাণিক পাঠক, ৰৌতাৰ ২নং ধনশ্রী ৰণোগাঁৱৰ ৰণবীৰ লিম্বু আৰু এতিয়ালৈকে আমাৰ হাতত ঠিকনাৰ সবিশেষ তথ্য নপৰা মুকুট কলিতা ৷ চি আৰ পি এফৰ উক্ত ১৭ জোৱানৰ উপৰি ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ দেশৰ ৰাজধানীত অসমৰ আন ৬ ব্যক্তি চিকিৎসাধীন হৈ আছে ৷ তেওঁলোকৰ ভিতৰত বোকাখাতৰ ম’হমাইকী গাঁৱৰ অজিত শইকীয়া, বন্তি শইকীয়া আৰু কংকণজ্যোতি বৰা অন্যতম ৷ চৰাইদেউ জিলাৰ পাটসাঁকো আখৈয়া গাঁৱৰ পুষ্প বৰুৱা নাম এজন ক’ৰোনা আক্রান্ত ব্যক্তিও দিল্লীত চিকিৎসাধীন হৈ আছে ৷ অৱশ্যে তেওঁৰ দেহত ক’ভিড–১৯ নহয়, এছ আৰ এছ চি অ’ ভি–২ ভাইৰাছহে পোৱা গৈছে ৷

তদুপৰি দিল্লীলৈ চিকিৎসাৰ বাবে যোৱা গুৱাহাটীৰ কাহিলিপাৰা অঞ্চলৰ বাসিন্দা অশোক শর্মা আৰু ডিব্রুগড়ৰ এগৰাকী মহিলাৰ দেহলৈও সংক্রমিত হৈছে ন’ভেল ক’ৰোনা ভাইৰাছ ৷ ইফালে মুম্বাইতো অসমৰ দুজন লোক প্রাণঘাতী ভাইৰাছত আক্রান্ত হৈছে ৷ জানিব পৰা মতে, দুয়োজন চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা ৰোগীৰ আত্মীয় ৷ ইয়াৰে এজন অসম ভৱনত আছিল৷ ব্যক্তিজনৰ শৰীৰত ক’ভিড–১৯ ধৰা পৰাৰ পাছতে তাৎক্ষণিকভাৱে মুম্বাই পৌৰ নিগমৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে মুম্বাই অসম ভৱনৰ উপ–আৱাসিক আয়ুক্ত দেৱাশিস শর্মাই৷ তেওঁ প্রকাশ কৰা মতে আনজন আছিল বিহান মুম্বাই পৌৰ নিগমৰ অন্তর্গত অঞ্চলৰ এটা গেষ্ট হাউছত৷ চিকিৎসালয়ত ভর্তি কৰাবলৈ পর্যাপ্ত বিছনা নথকাৰ বাবে তেওঁক সম্প্রতি আছুতীয়াকৈ এটা কোঠাত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্রতি ব্যক্তিজনৰ দেহত কোনো ধৰণৰ লক্ষণ দেখা পোৱা নাই৷ চিকিৎসকে তেওঁক আছুতীয়াকৈ ৰখা স্থানতে চিকিৎসা প্রদান কৰিব৷ আনহাতে, মুম্বাইৰ অসম ভৱনত থকা ৰাজ্যৰ কর্কট ৰোগীসকলক সম্পূর্ণ সুৰক্ষিতভাৱে পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও শর্মাই সদৰী কৰে ৷

You might also like