নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ক’ৰোনাৰ সংহাৰৰ পৰিপ্ৰক্ষিতত ২০২১ ৰ জুন পৰ্যন্ত বৰ্ধিত মৰগীয়া বানচ আদায় নিদিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে পাব লগীয়া আছিল বৰ্ধিত মৰগীয়া বানচ । কিন্তু দেশত ক’ৰোনাৰ কাল ৰূপ তথা আৰ্থিক সংকটত পৰা কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ ৰ জুন পৰ্যন্ত বৰ্ধিত মৰগীয়া বানচ আদায় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সময়ছোৱাত কৰ্মচাৰীক পূৰ্বৰ নিৰিখতহে আদায় দিয়া হ’ব মৰগীয়া বানচ । কেন্দ্ৰৰ এই নীতি ৰাজ্য সমূহতো প্ৰযোয্য হ’ব । সেয়েহে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও এই সময়ছোৱাত নাপাব বৰ্ধিত মৰগীয়া বানচ ।