নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্বৃত্তই জ্বলালে টি–২০ত ভিআইপি কঢ়িওৱা গাড়ী

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ এখন বাহনত বৃহস্পতিবাৰে নিশা দুর্বৃত্তই অগ্নিসংযোগ কৰা এক ঘটনাই হাজোৰ বৃহত্তৰ অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে হাজো থানাৰ অন্তর্গত খোপনিকুছিত ৷ নিশা দুর্বৃত্তই জ্বলাই দিলে ইমদাদুল ইছলাম নামৰ লোকজনৰ এ এছ–২৫ ডি চি–৮৭৮০ নম্বৰৰ মাৰুতি ছুজুকি ডিজায়াৰ বাহনখন ৷ দুর্বৃত্তই অগ্ণিসংযোগ কৰাৰ পিছতে বাহনখনৰ নিৰাপত্তা ব্যৱস্থাৰ শব্দত সাৰ পাই গৃহস্থৰ লগতে স্থানীয় ৰাইজে শুকুৰবাৰে জুই নির্বাপণ কৰে ৷ পিছে গাড়ীখনৰ টায়াৰ, ইঞ্জিনসহ পিছফালে জ্বলি যায় ৷ উল্লেখ্য যে ইমদাদুলে তেওঁৰ ওচৰ–চুবুৰীয়া খৰছেদ আলীৰ ঘৰত নিতৌ বাহনখন ৰখায় ৷ আনদিনাৰ দৰে বৃহস্পতিবাৰে ইমদাদুলে গুৱাহাটীৰ পৰা আহি খৰছেদ আলীৰ ঘৰত গাড়ীখন থৈ নিশা ঘৰত থকা অৱস্থাত দুর্বৃত্তই গাড়ীখনত অগ্নিসংযোগ কৰে ৷ উল্লেখ্য যে, ভাৰত আৰু শ্রীলংকাৰ টি–২০ খেলৰ বাবে বাহনখন ব্যৱহাৰ কৰা হৈছিল ভি আই পি লোক একাংশক অনা–নিয়াৰ বাবে ৷ এই সন্দর্ভত গৰাকী ইমদাদুল ইছলামে হাজো আৰক্ষীত এখন এজাহাৰ দাখিল কৰিছে ৷

You might also like