নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্বিষহ সময়; নিজম পৰি ৰৈছে লতাশিলৰ বিহুতলী

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ অসমৰ সকলো বিহু আয়োজকেই ক’ৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতেই বিহুৰ বিস্তৃত কাৰ্যসূচী সামৰি থবলগীয়া হৈছে ।

বিহুৰ এই সময়ছোৱাত দলদোপ-হেন্দোলদোপ হৈ পৰা বিহুতলীসমূহ এইবাৰ নিজম পৰি ৰৈছে । চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মতেই আজি গৰু বিহুৰ দিনা লতাশিল খেলপথাৰত দেখা গ’ল পূৰ্বতকৈ ব্যতিক্ৰম কাৰ্যসূচী ।

অসমৰ ঐতিহাসিক লতাশিল খেলপথাৰত পুৱা কেইবাগৰাকীমান আয়োজকে পতাকা উত্তোলন কৰিয়ে এই বছৰৰ বিহুৰ কাৰ্যসূচী সামৰণি মাৰে ।

উল্লেখ্য যে লতাশিলৰ এই বিহুতলীৰ পৰায়ে প্ৰতিবছৰে নিৰ্ণয় হয় অসমৰ শ্ৰেষ্ঠ বিহুৱতীগৰাকী । কিন্তু এইবাৰ বিহু সম্ৰাজ্ঞীৰ শ্ৰেষ্ঠত্বৰ যুঁজখন ৰাইজে দেখিবলৈ নাপাব ।

You might also like