নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৪ শতাংশই অসমৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : বেদখলকাৰীৰ দৌৰাত্ম্যত ক্রমাৎ সংকুচিত হৈ আহিছে অসমৰ বনাঞ্চল৷ অসমত বনভূমি বেদখলে একপ্রকাৰ অভিলেখ সৃষ্টি কৰিছে৷ কিয়নো বেদখলীকৃত দেশৰ মুঠ বনাঞ্চলৰ ৫৪ শতাংশই হৈছে অসমৰ৷ সোমবাৰে লোকসভাৰ মজিয়াত অতি চাঞ্চল্যকৰ তথা উদ্বেগজনক এই তথ্য সদৰী কৰে কেন্দ্রীয় বন আৰু পৰিৱেশ দপ্তৰৰ ৰাজ্যমন্ত্রী অশ্বিনী কুমাৰ চৌবেই৷ সদনৰ প্রশ্ণোত্তৰ কালত ঝাৰখণ্ডৰ বিজেপি সাংসদ সুদর্শন ভগতে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত কেন্দ্রীয় মন্ত্রী চৌবেই প্রদান কৰা বিবৃতি অনুসৰি দেশত সম্প্রতি ৭,০৩,১৫১.২৭ হেক্টৰ (৭,০৩১.৫) বর্গকিলোমিটাৰৰ বনভূমি বেদখলকাৰীৰ কবলত পৰিছে৷ ইয়াৰ ভিতৰত কেৱল অসমতে আছে ৩,৭৭,৫৩২.৬৩ (৩,৭৭৫.৩২ বর্গকিলোমিটাৰ) হেক্টৰৰ বেদখলীকৃত বনভূমি৷ অর্থাৎ দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৩.৬৯ শতাংশই হৈছে অসমৰ৷ তাতোকৈ উদ্বেগজনক বিষয়টো হ’ল– যোৱা বিগত প্রায় তিনি বছৰত অসমত ৬০,৩১৭ হেক্টৰ বনভূমি বেদখল হৈছে৷

উল্লেখ্য যে ২০২০ চনৰ ২ মার্চত তদানীন্তন বন আৰু পৰিৱেশ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যমন্ত্রী বাবুল সুপ্রিয়ই ৰাজ্যসভাৰ মজিয়াত প্রদান কৰা বিবৃতিত জনাইছিল যে সেই সময়ত অসমৰ ৩,১৭,২১৫.৩৯ হেক্টৰ বনভূমি বেদখলৰ কবলত আছিল৷ অর্থাৎ ২ বছৰ ৯ মাহত উক্ত বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাটো অতিকৈ উদ্বেগজনক বিষয়৷ লক্ষণীয়ভাৱে অসমৰ নিচিনা ইমান বৃহৎ পৰিমাণৰ বনভূমি বেদখল দেশৰ কোনো এখন ৰাজ্যতেই হোৱা নাই৷ অসমৰ পাছত তালিকাত স্থান লাভ কৰা দ্বিতীয়খন ৰাজ্য হিচাপে মধ্য প্রদেশৰ বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে ৫৪,১৭৩.২৮ হেক্টৰ৷ মধ্য প্রদেশৰ পাছত উত্তৰ–পূর্বাঞ্চলৰ আন এখন ৰাজ্য অৰুণাচল প্রদেশত বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে ৫৩,৪৫০.৪৩ হেক্টৰ৷ উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যতেই বনভূমি বেদখলৰ ঘটনা যথেষ্ট উদ্বেগজনক৷

কেন্দ্রীয় মন্ত্রী চৌবেই প্রদান কৰা তালিকাত দেখা গৈছে সৰু সৰু ৰাজ্য হিচাপে মিজোৰামত ১০,৮৫২.৮০ হেক্টৰ, মেঘালয়ত ৯,৮১৬.৩১ হেক্টৰ, ত্রিপুৰাত ৩,৬২১.৮০ হেক্টৰ, ছিকিমত ২,৮১৭.২১ হেক্টৰ আৰু মণিপুৰত ২,২১৩.৮২ হেক্টৰ বনভূমি বেদখলৰ কবলত পৰিছে৷ ইয়াৰ বিপৰীতে দেশৰ মুঠ ৩৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যৰ বনভূমি মুঠেই বেদখল হোৱা নাই৷ এই ৰাজ্যকেইখন হৈছে– গোৱা, লাক্ষাদ্বীপ আৰু পুডুচেৰী৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমৰ মুঠ মাটিকালিৰ ৩৬ শতাংশহে বনভূমি৷ ইয়াৰে ইমান বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাটো কিমান উদ্বেগজনক বিষয় সেয়া প্রশ্ণাতীত৷ ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ মুঠ মাটিকালিৰ ৫৪ শতাংশই বনভূমি৷ পিছে ৰাজ্যখনৰ বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে মাত্র ৫,০২৪.৫৪ হেক্টৰ৷ যি অতি লক্ষণীয় বিষয়৷

You might also like