নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ লকডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ পৰা লোকসকলৰ বাবে ২৫, ২৬ আৰু ২৭ এপ্রিলত চৰকাৰে মুকলি কৰিব লগা আন্তঃজিলা যাতায়াতক লৈ আৰম্ভ হৈছে তৎপৰতা ৷ বুধবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত অনুমতি প্রদানৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা প্রায় ১৫ হাজাৰৰো অধিক বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকে ১০৪ নম্বৰযোগে যোগাযোগ কৰি যাতায়াতৰ অনুমতি বিচাৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে লকডাউনৰ ফলত আবদ্ধ হৈ থকা ৰোগী, চৰকাৰী কর্মচাৰী আৰু ছাত্র–ছাত্রীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে তিনিটা পর্যায়ত আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ সেইমর্মে ২৫, ২৬ আৰু ২৭ এপ্রিল এই তিনিটা দিনত যাতায়াত কৰিব খোজা লোকসকলে ই–পাছৰ জৰিয়তে অথবা জিলা উপায়ুক্তই প্রদান কৰা অনুমতিৰ জৰিয়তে এখন জিলাৰ পৰা আন এখন জিলালৈ যাব পাৰিব ৷ কালি ঘোষণাৰ পিছতে আজি প্রতিখন জিলাতে উপায়ুক্তৰ কার্যালয়ত পাছ বিচাৰি যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় ৷
লক্ষণীয়ভাৱে উপায়ুক্ত কার্যালয়ৰ ই–মেইলৰ জৰিয়তে ই–পাছৰ বাবে আবেদন কৰিবলৈ দিয়াৰ ক্ষেত্রত আজি দেখা দিয়ে কাৰিকৰী বেমেজালি । বৃহস্পতিবাৰে বহুতে ই–পাছ বিচাৰি আবেদন প্রেৰণ কৰাত ব্যর্থ হয় ৷ এই সম্পর্কত কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কার্যালয়ৰ এক সূত্রই প্রকাশ কৰা মতে ই–পাছৰ বাবে যথেষ্ট লোকে একে সময়তে আবেদন–পত্র প্রেৰণ কৰাৰ বাবে কিছু কাৰিকৰী জটিলতাৰ সৃষ্টি হৈছে ৷ অচিৰেই এই জটিলতাসমূহ আঁতৰ কৰিব পৰা যাব ৷ উল্লেখ্য যে আন্তঃজিলা যাতায়াতৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ৷ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীয়ে এই সন্দর্ভত জানিবলৈ দিয়া মতে, নিজা পৰিবহণ ব্যৱস্থা নথকা যিসকল লোকে ১০৪ নম্বৰলৈ ফোন কৰি যাতায়াতৰ অনুমতি বিচাৰিছে, সেই লোকসকলৰ বাবে পৃথকে পৃথকে তালিকা প্রস্তুত কৰি তোলা হৈছে ৷ অর্থাৎ নামনি অসম, মধ্য অসম, উজনি অসম অথবা উত্তৰ অসমলৈ যাতায়াত কৰিব লগা লোকসকলে কোন কোন বাছত, ক’ত উঠিব, সেয়া নির্ধাৰণ কৰা হৈছে ৷ যিহেতু এখন বাছে যাত্রা কৰা স্থানৰ পৰা আন ক’তো নৰখাকৈ গন্তব্য স্থানলৈ যাব, সেয়েহে লোকসকলে ক’ত ক’ত বাছত উঠিব লাগিব, সেয়া প্রতিজন যাত্রীক অৱগত কৰা হ’ব ৷
মন কৰিবলগীয়া যে এই তিনি দিনত যদি কোনো ৰোগীয়ে এখন জিলাৰ পৰা আন এখন জিলালৈ যাব খোজে, তেন্তে উপায়ুক্ত কার্যালয়ৰ বিষয়াৰ সংশ্লিষ্ট হোৱাটছএপ নম্বৰ বা ই–মেইল ঠিকনাত ২৩ আৰু ২৪ এপ্রিলত আবেদন কৰিব পাৰিব৷ আনহাতে, ২৪ এপ্রিললৈ ১০৪ নম্বৰযোগে আবেদন গ্রহণ কৰা হ’ব৷ স্মর্তব্য যে চিকিৎসাৰ বাহিৰে অন্য কাৰণত যাতায়াত কৰিব খোজা লোকসকলৰ ক্ষেত্রত ইতিমধ্যে নির্দিষ্ট কৰা হৈছে নির্দেশনা৷ সেই অনুসৰি কর্মস্থলীত আবদ্ধ হৈ থকা যিসকলে ঘৰৰ পৰা কর্মস্থলীলৈ যাব বিচাৰে, কেন্দ্রীয় চৰকাৰৰ অধীনৰ কর্মচাৰী, ব্যক্তিগত খণ্ডৰ কর্মচাৰী, ৰাজহুৱা খণ্ডৰ কর্মচাৰীৰ ক্ষেত্রত প্রযোজ্য হ’ব এই নির্দেশনা৷ তদুপৰি বাধ্যতামূলক কাৰণত আন জিলালৈ যাব খোজা লোকসকলে কৰিব পাৰিব আবেদন৷ ঠিকাদাৰ, ফার্ম, উদ্যোগ আদিয়ে
কর্মচাৰীৰ যাতায়াতৰ বাবে ই–পাছৰ জৰিয়তে নিজৰ শ্রমিকসকলক অন্য জিলালৈ নিব পাৰিব ৷ গৃহ মন্ত্রালয়ে জাৰি কৰা পৰামর্শাৱলী পালন কৰি ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত যি অনুমতি প্রদান কৰিছে, সেই নির্দেশনা পাঁচখন জিলাত প্রযোজ্য নহ’ব৷ অর্থাৎ ৰেড জ’নত থকা এই জিলাকেইখনৰ পৰা কোনোধৰণৰ যাতায়াত ২৫, ২৬ আৰু ২৭ এপ্রিলত নচলিব৷ এই জিলাকেইখন হ’ল ধুবুৰী, মৰিগাঁও, নলবাৰী, গোলাঘাট আৰু গোৱালপাৰা৷ ৰাজ্যত চিহ্ণিত হোৱা ক’ৰোনা পজিটিভ লোকসকল এই ৫খন জিলাৰ হোৱা হেতুকে এই জিলাকেইখনক এই পর্যায়ত বাদ দিয়া হৈছে৷ ইফালে, পৰিবহণ নিগমৰ বাছেৰে যাতায়াত কৰিব লগা লোকসকলৰ ক্ষেত্রত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে৷