নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত দেউৰীসকলৰ মাঘ বিহু পালন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আজিৰে পৰা আৰম্ভ হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ মাঘবিহু । বুধবাৰে উৰুকা পালন কৰাৰ পিছত বৃহস্পতিবাৰে পুৱাই ধেমাজিৰ বিভিন্ন দেউৰী গাঁৱৰ লগতে শ্ৰীপাণিৰ কপাহতলিৰ দেউৰীসকলে পৰম্পৰাগত ৰীতি-নীতিৰে সূৰ্যোদয়ৰ পূৰ্বে মেজিত অগ্নি প্ৰজ্বলন কৰে । দেউৰীসকলৰ পূজাৰীয়ে আৰ্শীবাদ দিয়াৰ পিছতে মেজিৰ ওচৰত মূৰ দোৱায় গাঁওবাসীয়ে ৷ অগ্নি প্ৰজ্বলনৰ সমান্তৰালভাৱে গাঁওবাসীয়ে বিভিন্ন বিভিন্ন দেউৰী দেহেচি নাম পৰিৱেশনেৰে সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে ৷ ইয়াৰ পিছতে দেউৰীসকলে মৃত উপৰিপুৰুষৰ উদ্দেশ্যি নৈবেদ্য আগবঢ়ায় ৷ উল্লেখযোগ্য যে, অহা বুধবাৰৰলৈকে দেউৰীসকলে পালন কৰিব মাঘ বিহু ৷ ইয়াকে লৈ সমগ্ৰ ধেমাজিৰ দেউৰী গাঁও সমূহত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷

You might also like