নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত পুনৰ এনকাউন্টাৰঃ গুলীবিদ্ধ ১

ড্ৰাগছসহ ৫ জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰীত আজি দুপৰীয়াৰ ভাগত আৰক্ষীৰ অভিযানকাৰী দলৰ হাতত পুনৰ এনকাউন্টাৰ সংগঠিত হয়। এই ঘটনাত এটা ড্ৰাগছ সৰবৰাহকাৰী গুলিবিদ্ধ হয়। উল্লেখ্য যে ইয়াৰ আগতেও দুটামান এনকাউন্টাৰ সংগঠিত হৈছিল। আজিৰ ঘটনা সন্দৰ্ভত জানিব পৰা মতে- নিৰ্দ্দিষ্ট তথ্যৰ ভিত্তিত নগাঁও আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটিয়া অভিযানকাৰী দলে কাটিমাৰীৰ এটা ঘৰত অবৈধ ভাৱে চলাই থকা ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ যোৱা আৰক্ষীক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলায়।

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাওতেই কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাত ইয়াৰ প্ৰত্যুত্তৰত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ নগাঁও চহৰৰ সমীপবৰ্তী কাটিমাৰীত সংঘটিত এই গুলী চালনা ঘটনাত গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোক পাছত ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হয় ৷ আৰক্ষীৰ গুলি চালনাত ভৰিত গুলী লগা ৰফিকুলক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালযত চিকিৎসাধীন কৰা হয় ৷ ইপিনে, ঘটনাৰ খবৰ পাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে আদি কৰি জ্যেষ্ঠ আৰক্ষী বিষয়া বৰ্গ ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ বু’জ লয় আৰু ঘটনা সংক্ৰান্তত অধিক তদন্তৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্দেশনা জাৰী কৰে।

উল্লেখ্য যে বিগত সময়খিনিত কাটিমাৰীৰ ৰফিকুলৰ বাসগৃহত চলাই থকা ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ গৈছিল আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানকাৰী দল উপস্থিত হোৱাৰ পিছতে অতৰ্কিতে ড্ৰাগছ মাফিয়া ৰফিকুলে আৰক্ষী দলক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে বুলি অভিযানকাৰী দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি অভিযানকাৰী আৰক্ষীৰ দলে ৰফিকুলৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও জানিবলৈ দিয়ে।

ইপিনে আৰক্ষীয়ে মফিজুল ইছলাম নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন চাৰি ড্ৰাগছ আসক্ত যুৱককো ৰফিকুলে চলোৱা ড্ৰাগছৰ ঘাটিৰ পৰা আটক কৰে। উল্লেখ্য যে মফিজুল নগাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰীৰ মূল মাষ্টাৰমাইন্ট।

You might also like