জুৱাৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে নগৰবেৰা আৰক্ষী| দেওবাৰে সন্ধিয়া নগৰবেৰা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত নগৰবেৰা আৰক্ষী থানাৰ অ’চি হৰজিৎ দাসে এদল আৰক্ষীক লগত লৈ থানা এলেকাৰ খামেৰি বজাৰ অঞ্চলত জুৱা খেলৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলাই খেলি থকা অৱস্থাত চাৰিজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে জুৱা খেলত ব্যৱহৃত এটা দহ টকাৰ মুদ্ৰা আৰু নগদ ৩৪,৮,৪০/-টকা জব্দ কৰিবলৈ সক্ষম হয় |
আটক কৰা চাৰিজন ক্ৰমে মনোৱাৰ, গোলাপ আলী, ছাহজাহান আৰু আমজাদ আলী। জুৱাথলীৰ পৰা আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ কেইবাজনো জুৱাৰীয়ে পলায়নো কৰে। আৰক্ষীয়ে জুৱাৰীসকলৰ পাঁচটাকৈ মোবাইল হেণ্ডছেট জব্দ কৰে| ধৃত চাৰিওজনক আৰক্ষী থানালৈ নিয়া হয় | জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ এনে তৎপৰতাৰ শলাগ লৈ আগলৈকো এই অবৈধ খেল বন্ধ কৰাৰ ক্ষেত্ৰত সজাগ থাকিবলৈ দাবী জনাইছে ৰাইজে |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৩ জুলাই :