নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ নগাঁৱৰ এগৰাকী যুৱক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ যুৱকজন দিল্লীৰ গুৰগাঁৱৰ এটা প্রতিষ্ঠানত কর্মৰত আছিল ৷ যুৱকজনৰ কেইবাজনো সহযোগী ক’ৰোনাত আক্রান্ত হৈছিল ৷ নগাঁৱৰ যুৱকজনো চর্দি–কাহ ৰোগত আক্রান্ত হৈ অসমলৈ ঘূৰি আহিছিল ৷ অসমলৈ আহি স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁ গৈছিল ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷ অৱশ্যে বর্তমানলৈকে চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ট লাভ কৰা নাই ৷ বর্তমান যুৱকজনক চিকিৎসকৰ নিৰীক্ষণত নিজ গৃহতে ৰখা হৈছে ৷ আজিহে যুৱকজনৰ দেহত ক’ৰোনা ভাইৰাছ আছে নে নাই, সেই সম্পর্কত চিকিৎসক নিশ্চিত হ’ব পাৰিব ৷