নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ পাৰ্টী খুলিম- জুবিন

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে অসমৰ শিল্পীসমাজে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শিল্পৰ মাজেৰে সাব্যস্ত কৰে এক ব্যতিক্ৰমী প্ৰতিবাদ । অসমৰ প্ৰতিজন প্ৰতিষ্ঠিত শিল্পীৰ উপস্থিতিত সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীতেই জুবিন গাৰ্গে নিজাকৈ দল খোলাৰ কথা ঘোষণা কৰে ।

অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ভাষণ প্ৰসংগত অসমৰ জনগণে বিকল্প সন্ধান কৰিব বুলি উল্লেখ কৰে । অৱশ্যে এই বিকল্প শক্তি বা দল কেনেকৈ গঠন কৰিব বুলি কোৱাৰ মাজতেই শিল্পী জুবিন গাৰ্গে দীপাংক কুমাৰ নাথৰ পৰা মাইক্ৰ’ফোন লৈ ‘নিজৰ পাৰ্টী খুলিম , নিজৰ পাৰ্টী ‘ বুলি উল্লেখ কৰে ।

You might also like