নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে আহমেদাবাদত উপস্থিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । ড’নাল্ড ট্ৰাম্পৰ আগমনক লৈ ইতিমধ্য সম্পূৰ্ণ প্ৰস্তুতি সাজু কৰি তোলা হৈছে ম’টেৰাত । মোডী-ট্ৰাম্পৰ যি ৰোড শ্ব’ তালৈ নিমন্ত্ৰিত কৰা হৈছে আহমেদাবাদত থকা প্ৰৱাসী অসমীয়াসকলক । সবৰমতী আশ্ৰমৰ কাষতে মোডী-ট্ৰাম্পৰ ৰোড শ্ব’ৰ বাবে অসম কালচাৰেল এছ’চিয়েচনক দিয়া হৈছে এটুকুৰা ঠাই । তাৰ পৰাই ট্ৰাম্পক আদৰণি জনাব এইসকল অসমীয়াই ।
ইতিমধ্যে অসম কালচাৰেল এছ’চিয়েচনৰ তৰফৰ সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি । আহমেদাবাদৰ আকাশে-বতাহে এতিয়া গুঞ্জৰিত হৈছে মাথোঁ বিহু । প্ৰৱাসী এইসকল অসমীয়াই জাতীয় সাজ-পোছাকত অনুশীলনৰ মাজতে সাংবাদিকৰ আগত গাই শুনালে এফাঁকি বিহু । ট্ৰাম্প-ফাৰ্ষ্ট লেডীক আদৰণি জনোৱাৰ বাবে বিহুৰ লগতে এখন বিশেষ বেনাৰ তৈয়াৰ কৰিছে অসম কালচাৰেল এছ’চিয়েচনে ।
উল্লেখ্য যে, আহমেদাবাদত কৰ্মসূত্ৰে থকা এইসকল অসমীয়াই চহৰত এটুকুৰা ভূমিৰ আৱণ্টন দিবলৈ অনুৰোধ জনাব বুলিও উল্লেখ কৰে । কিয়নো আহমেদাবাদত থকা প্ৰৱাসী অসমীয়াসকল একগোট হ’বৰ বাবে অথবা অসম ভৱন নথকাৰ বাবেই বহুক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আছে । সেয়ে অচিৰেই চৰকাৰে অসম ভৱনৰ বাবে এটুকুৰা ভূমি দিবলৈ অনুৰোধ জনাইছে অসম কালচাৰেল এছ’চিয়েচনে । যাৰ ফলত অসমৰ পৰা আহমেদাবাদলৈ যোৱা লোকসকলো উপকৃত হ’ব ।