নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত তৰুণ গগৈৰ আবেদন

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ বাবে এইবাৰ আইনী যুঁজত নামিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ৷

প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে এই সংক্রান্তত উচ্চতম ন্যায়ালয়ত অহা সোমবাৰে এখন আবেদন দাখিল কৰিব ৷ ন্যায়ালয়ত গগৈৰ হৈ আইনী যুঁজ দিব প্রাক্তন গৃহমন্ত্রী, অধিবক্তা পি চিদাম্বৰমে ৷

ইপিনে, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেক আৰু বিধায়ক ৰূপজ্যোতি কুর্মীয়েও নাগৰিকত্ব সংশোধনী আইনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত শনিবাৰে আবেদন দাখিল কৰিছে ৷

You might also like