নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ চি এৰ কাণ্ডই বিশ্বৰ সন্মুখত অসমক লজ্জানত কৰিলেঃ তৰুণ গগৈ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেটত পানী সোমোৱাৰ বাবে দেওবাৰে নিশা ভাৰত–শ্রীলংকাৰ টি–২০ মেচখন অনুষ্ঠিত নোহোৱাক লৈ ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷

দিছপুৰৰ বিধায়ক আৱাসত সোমবাৰে এক সংবাদ মেলত তেওঁ কয় যে- খেল এখনকে ভালকৈ পাতিব নোৱাৰা এইখন চৰকাৰে গুৱাহাটীক কেনেকৈ দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তুলিব৷ তির্পাল লিক মাৰিব নোৱাৰা চৰকাৰ আৰু এ চি এৰ দায়িত্বজ্ঞানহীন কাণ্ডই বিশ্ববাসীৰ সন্মুখত অসমক লজ্জানত কৰিলে বুলিও তেওঁ উল্লেখ কৰে৷

গগৈয়ে লগতে কয় যে এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে আৰু অসম ক্রিকেট সন্থাৰ বিষয়ববীয়াই অসমবাসীৰ আগত ক্ষমা বিচাৰি পদত্যাগ কৰা উচিত৷

You might also like