নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছাৰ বিস্ফোৰক তথ্যঃ প্রদূষণত দিল্লীকো চেৰাব গুৱাহাটীয়ে

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ প্ৰদূষণৰ ক্ষেত্ৰত দেশৰ ৰাজধানী দিল্লীৰ কাষ চাপিছে গুৱাহাটী মহানগৰ । নাছাৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য । দেশৰ ৰাজধানী দিল্লীত ইতিমধ্যে প্ৰদূষণ এক বৃহত সমস্যা হিচাপে প্ৰত্যাহ্বান হৈ পৰিছে ।

শেহতীয়াকৈ দিল্লীৰ প্ৰদূষণৰ বাবে দুবাৰকৈ শিক্ষানুষ্ঠান বন্ধ দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ যোৱা ১৩ নৱেম্বৰত প্রদূষণ সম্পর্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্রই প্রদূষণৰ বাবে দিল্লী বাসোপযোগী হৈ থকা নাই বুলি উল্লেখ কৰি দিল্লীৰ অৱস্থা নৰকসদৃশ বুলি অভিহিত কৰিছিল৷ দিল্লীৰ প্রদূষণৰ এনে প্রতিচ্ছবিৰ সময়তে গুৱাহাটীত হোৱা প্রদূষণৰো ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ এই তথ্যই স্পষ্টভাৱে উন্মোচিত কৰিছে যে দিল্লীৰ প্রদূষণৰ পৰিসংখ্যাতকৈ গুৱাহাটীৰ পৰিসংখ্যা কিছু পৰিমাণেহে নিম্ন যদিও কেইটামান খণ্ডত আকৌ গুৱাহাটীৰ পৰিসংখ্যা দিল্লীতকৈও উচ্চ পৰিলক্ষিত হৈছে৷

নাছাৰ এই অধ্যয়নৰ তথ্য অনুসৰি যোৱা নৱেম্বৰত দিল্লীৰ বায়ু প্রদূষণ ৮৮.৫৪ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীৰ ৬৭.৫৪ শতাংশ৷ দিল্লীৰ বায়ু প্রদূষণৰ এই পৰিসংখ্যা নাছাই অতি উচ্চ আৰু গুৱাহাটীৰ পৰিসংখ্যা উচ্চ বুলি চিনাক্ত কৰিছে৷ দিল্লীৰ খোৱাপানীৰ প্রদূষণ ৬৩.১৬ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীৰ এই পৰিসংখ্যা ৫৭.৬৯ শতাংশ৷ ইয়াৰ বিপৰীতে জাবৰ–জেজাথৰ আৰু আৱর্জনা বিসর্জনৰ পৰা হোৱা প্রদূষণ দিল্লীতকৈ গুৱাহাটীত উচ্চ৷ দিল্লীত ইয়াৰ ফলত হোৱা প্রদূষণৰ পৰিসংখ্যা ৭৪.৫৩ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীত ইয়াৰ পৰিমাণ ৭৭.৪৫ শতাংশ, অর্থাৎ দিল্লীতকৈ ২ শতাংশ অধিক৷ অপৰিষ্কাৰ আৰু পেলনীয়া সামগ্রীৰ পৰা হোৱা প্রদূষণৰ পৰিসংখ্যা দিল্লীত ৭২.১০ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীত এই পৰিমাণ ৭৫.৯৪ শতাংশ৷ অর্থাৎ গুৱাহাটীত ৩ শতাংশতকৈও অধিক৷ শব্দ আৰু পোহৰ প্রদূষণ দিল্লীত ৬৪.৪৫ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীত এই পৰিমাণ ৬০.৭১ শতাংশ৷ আনহাতে, পানীৰ প্রদূষণ দিল্লীত ৭৭.৪০ শতাংশ হোৱাৰ বিপৰীতে গুৱাহাটীত ইয়াৰ পৰিমাণ ৭৯ শতাংশ৷ অর্থাৎ দিল্লীতকৈ প্রায় ডেৰ শতাংশ অধিক৷ গুৱাহাটীৰ প্রদূষণৰ এই সকলো পৰিসংখ্যাকেই উচ্চ বুলি চিহ্ণিত কৰা হৈছে নাছাৰ অধ্যয়নটোত৷ সামগ্রিকভাৱে এই উচ্চ প্রদূষণে জন্ম দিয়া ব্লেক কার্বনৰ বাবেই গুৱাহাটীৰ তাপমাত্রা প্রায় ২ ডিগ্রী চেলছিয়াছ বৃদ্ধি হৈছে বুলি অধ্যয়নটোত কোৱা হৈছে৷ সামগ্রিকভাৱে এই পৰিসংখ্যাই গুৱাহাটীৰ প্রদূষণে বিপজ্জনক মাত্রা অতিক্রম কৰাটো স্পষ্ট কৰি তুলিছে৷ আনহাতে, বায়ু প্রদূষণৰ পৰিমাপক পি এম ১০ৰ পৰিমাণ ০ৰ পৰা ১০০লৈকে ক্ষতিকাৰক নহয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷ অসম প্রদূষণ নিয়ন্ত্রণ ব’র্ডে গুৱাহাটীৰ বামুণীমৈদাম, খানাপাৰা, বৰাগাঁও, গুৱাহাটী বিশ্ববিদ্যালয়, আই টি আই, গোপীনাথ নগৰ আৰু প্রাগজ্যোতিষ কলেজৰ পইণ্টৰ পৰা গ্রহণ কৰা তথ্যৰ আধাৰত সামগ্রিকভাৱে গুৱাহাটীৰ এই পৰিসংখ্যা প্রকাশ কৰে৷ যোৱা ২০১৭, ২০১৮ আৰু ২০১৯ বর্ষত প্রতিটো মাহৰ প্রদূষণ ব’র্ডে প্রকাশ কৰা তথ্য ২৪০ৰ পৰা ৩০০ৰ ভিতৰত পোৱা গৈছে, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি স্বাস্থ্যৰ বাবে অতিকে ক্ষতিকাৰক ৰূপে বিবেচিত৷ মূলতঃ ধোঁৱা, ধূলি, জুই, উদ্যোগত ব্যৱহূত ইন্ধনৰ দহন, পথ নির্মাণ খণ্ডৰ ধূলি আদিৰ পৰা নির্গত ছালফাৰ–ডাই–ক্সাইড, নাইড্র’জেন অক্সাইডেই এই প্রদূষিত বায়ুৰ প্রধান কাৰণ৷ আনহাতে, যান–বাহনৰ পৰা নির্গত ধোঁৱা বায়ু প্রদূষণৰ এক ভয়াৱহ কাৰক হিচাপে চিহ্ণিত হোৱা বুলি গুৱাহাটী আই আই টিৰ এক সমীক্ষাত প্রকাশ৷

অসম প্রদূষণ নিয়ন্ত্রণ ব’ডৰ তথ্য অনুসৰি পানীৰ প্রদূষণ গুৱাহাটীৰ বাবে আন এক ভয়ানক প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে৷ গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ পানীৰ প্রদূষণে গুৱাহাটীৰ সামগ্রিক প্রদূষণত বিপজ্জনক ইন্ধন যোগাই আহিছে৷ পানীৰ প্রদূষণৰ মাপক বি অ’ ডিৰ (বায়’লজিকেল অক্সিজেন ডিমাণ্ড) সূচাংক প্রতিলিটাৰত ৬ৰ পৰা ৯ এম জিয়েই প্রদূষিত বুলি ধৰা হয়৷ ভৰলু নৈৰ পানীৰ যোৱা মে’, জুন আৰু জুলাইৰ পৰিসংখ্যা আমি যদি লক্ষ্য কৰোঁ, তেতিয়াই এই নৈখনে গুৱাহাটীত যেনেধৰণৰ প্রদূষণ সৃষ্টি কৰিছে, সেয়া স্পষ্ট হৈ পৰে৷ ভৰলু নৈত মে’ মাহত বি অ’ ডিৰ পৰিমাণ আছিল ৫৪ এম জি, জুন মাহত ৭৬ আৰু জুলাই মাহত ৪৪ এম জি৷ যিটো অতিকে বিপজ্জনক বুলি চিহ্ণিত হৈছে৷ ইয়াৰ উপৰি গুৱাহাটী মহানগৰীত অৱস্থিত তিনিটা প্রধান জলাশয় শিলসাঁকো বিল, বৰচলা বিল আৰু সৰুচলা বিলৰ পানীৰ প্রদূষণৰ পৰিমাণো বিপজ্জনক সূচাংকতকৈ বহু উচ্চ৷ মে’, জুন, জুলাইৰ তথ্য অনুসৰি শিলসাঁকো বিলৰ মে’ মাহত বি অ’ ডিৰ পৰিমাণ ২৪ এম জি, জুন মাহত ২৩.৪ এম জি, জুলাই মাহত এই পৰিমাণ ১৬ এম জি বৰচলা বিলত মে’ মাহত এই পৰিমাণ ২৮ এম জি, জুনত ২০ এম জি আৰু জুলাইত ১৯.৩ এম জি ঠিক একেদৰে সৰুচলা বিলত মে’ মাহত এই পৰিমাণ ১৪ এম জি, জুনত ১৬.২ আৰু জুলাইত ২৬ এম জি৷ আৱর্জনা, প্লাষ্টিকজাতীয় সামগ্রী আৰু উদ্যোগৰ পৰা নির্গত বর্জনীয় পদার্থ ভৰলু নৈত পৰা বাবেই পানী প্রদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি অসম প্রদূষণ ব’ডৰ এক শীর্ষ সূত্রই সদৰী কৰে৷ প্রদূষণৰ এনে তথ্যই এতিয়া গুৱাহাটীৰ এক ভয়াৱহ ভৱিষ্যতৰ প্রতিচ্ছবি উন্মোচিত কৰি তুলিছে৷ চৰকাৰ, মহানগৰীৰ বাসিন্দা আৰু সংশ্লিষ্ট সকলো পক্ষই এইক্ষেত্রত সচেতন নহ’লে আৰু ব্যৱস্থা গ্রহণ নকৰিলে দিল্লীত প্রদূষণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বেছি দিন নাই৷

You might also like