নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামদাঙৰ শিলৰ সাঁকোৰ জৰীপ আৰম্ভ

ঐতিহাসিক সম্পদত বৃহৎ ফাঁট, উপায়ুক্তৰ কার্যালয়ত জৰুৰী বৈঠকত সিদ্ধান্ত ।

নিয়মীয়া বার্তা, শিৱসাগৰ, গৌৰীসাগৰ, ২২ নৱেম্বৰঃ নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণক লৈ শিৱসাগৰ জিলা প্রশাসনত আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা৷ শিৱসাগৰ ভ্রমণৰত জলসম্পদ মন্ত্রী কেশৱ মহন্তই শিৱসাগৰত নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰা হ’ব বুলি ৰাজহুৱা ঘোষণা কৰাৰ পিছতেই জিলা প্রশাসনৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে এই তৎপৰতা৷

এই সন্দর্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ পৌৰোহিত্যত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈ যায়৷ উক্ত বৈঠকখনত ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ সঞ্চালক, ৰাজ্যিক পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা, গ্রাম্য পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা, জিলা পৰিবহণ বিষয়া, বিদ্যুৎ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ মুখ্য কার্যবাহী অভিযন্তাৰ লগতে কেইবাজনে বিষয়াৰ পৰা জিলা উপায়ুক্তগৰাকীয়ে কিদৰে সাঁকোডাল সংৰক্ষণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব, মেৰামতি আৰু সংৰক্ষণৰ সময়ত কেনে ধৰণৰ নিৰাপত্তা গ্রহণ কৰাৰ লগতে কিদৰে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ট্ৰেফিক নিয়ন্ত্রণ কৰা হ’ব, সেই সন্দর্ভত এক ৰণকৌশল যুগুত কৰে৷ ইয়াৰ পিছতেই জলসম্পদ মন্ত্রীৰ ঘোষণা অনুযায়ী জৰীপৰ কাম আৰম্ভ কৰা হয়৷

প্রশাসনীয় সূত্রটোৱে জানিবলৈ দিয়া মতে, জৰীপৰ কাম সম্পূর্ণ হোৱাৰ পিছতহে মূল সাঁকোডালৰ সংৰক্ষণৰ ক্ষেত্রত কাম আৰম্ভ কৰা হ’ব বুলি জনাইছে৷ উল্লেখ্য যে আহোম ৰাজশাসনৰ পৰাই যোগাযোগ মাধ্যমত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা এই সাঁকোডালৰ ওপৰেদি শিৱসাগৰৰ ৩৭নং ৰাষ্টীয় ঘাইপথৰ ওপৰত নামদাং অঞ্চলত উজনি–নামনিৰ মাজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে৷

ইফালে উজনি আৰু নামনি অসমক সংযোগ কৰা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত অৱস্থিত নামদাং সাঁকো শিলৰ গধুৰ যান–বাহনৰ প্রচণ্ড খুন্দাত ফাট মেলাৰ লগতে গাত থকা মূর্তিসমূহ ভাঙি–ছিঙি উৱলি গৈছে৷ ইয়াৰ উপৰি বছৰি দিখৌৰ পলসত সাঁকোডাল আধা অংশলৈকে পোত গৈছে৷ স্মর্তব্য যে সর্বশ্রেষ্ঠ আহোম ৰজা হিচাপে বিবেচিত স্বর্গদেউ ৰুদ্রসিংহৰ ৰাজ্য বিস্তাৰৰ আঁচনিৰ ফচলস্বৰূপে সেই সময়ৰ বংগ দেশৰ শিল্পীয়ে মাত্র এটা শিলেৰে ধেনুভিৰীয়াকৈ ৬০ মিটাৰ দৈর্ঘ্যৰ, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ উচ্চতাৰ সাঁকোখন কেৱল শিৱসাগৰৰে নহয়, সমগ্র অসমে গৌৰৱ কৰিব পৰাকৈ আহোম যুগৰ কীর্তিচিহ্ণবোৰৰ ভিতৰত অন্যতম৷ প্রায় ১০০ বছৰ পুৰণি বুলি অনুমান কৰা আশ্চর্যকৰ সাঁকোডালে আহোম সৈন্যৰ পৰা ব্রিটিছ সৈন্যলৈকে আৰু আজিও যান্ত্রিক যুগৰ প্রতিটো যন্ত্রকেই বহন কৰি আহিছে৷ কিন্তু অতি দুখৰ বিষয় যে আজিও সাঁকোৰ প্রকৃত সংৰক্ষণ নহ’ল৷ প্রযুক্তিবিদ্যা আৰু যন্ত্রৰ সীমিত সুবিধাৰ মাজতো সেই সময়ত স্বর্গদেউ ৰুদ্রসিংহই নির্মাণ কৰা শিলৰ সাঁকোবর্তমান অস্তিত্বৰ সংকটত৷ আধুনিক যুগৰ প্রযুক্তিবিদ্যা, যন্ত্র, আধুনিক যুগৰ চৰকাৰ–প্রশাসন বিভাগীয় কর্তৃপক্ষ থকাৰ পাছতো এই আপুৰুগীয়া সম্পদটোৱে বাৰে বাৰে নিজৰ অস্তিত্বৰ বাবে যুঁজ দিবলগীয়া হৈছে৷

প্রতিদিনে হাজাৰ হাজাৰ লঘু–গুৰু বাহন, অগণন পদাতিকৰ বোজা বহন কৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথত অৱস্থিত নামদাং শিলৰ সাঁকোৰ অস্তিত্বক লৈ বাৰে বাৰে প্রশ্ণ উত্থাপন হোৱাৰ পাছতো চৰকাৰে পৌৰাণিক কীর্তিচিহ্ণসমূহ সংৰক্ষণৰ দায়িত্ব প্রদান কৰা পুৰাতত্ত্ব বিভাগৰ হেমাহিৰ বাবেই দিনক দিনে নামদাঙৰ শিলৰ সাঁকোৰ বহন ক্ষমতা কমি আহিছে৷ আনহাতে সাঁকোডালৰ অংশটো শীঘ্রে মেৰামতি নহ’লে বিপদ অনিবার্য৷ ইফালে শিৱসাগৰ জিলাত সততেই পৌৰাণিক কীর্তিচিহ্ণসমূহৰ অভিভাৱক হিচাপে থিয় দিয়া এটা জনগোষ্ঠীয় সংগঠনৰ ভূমিকাও সন্দেহজনক৷ স্থানীয় ৰাইজে শিৱসাগৰ জিলাত নতুনকৈ যোগদান কৰা জিলা উপায়ুক্তগৰাকীক জিলা তথা অসমৰ গৌৰৱৰ ইতিহাসৰ সাক্ষ্য বহন কৰা নামদাঙৰ শিলৰ সাঁকোক স্থায়ী সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে ৷

You might also like