নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানাত বিস্ফোৰণ-বন্ধ হ’ল ২নং গোট

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বছৰৰ পাছত বছৰ লোকচানেৰে ভৰি থকা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ৰাসায়নিক সাৰৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত বছৰৰ আৰম্ভণিতে এক ভয়ানক বিস্ফোৰণ ঘটি বহু কোটি টকা লোকচানৰ সন্মুখীন হয়৷

উল্লেখ্য যে যোৱানিশা প্রায় ১২.৪৫ বজাত নামৰূপ সাৰ কাৰখানাৰ ২নং উৎপাদন গোটৰ ছিনছেছিছ গেছ কম্প্রেচৰৰ মূল যন্ত্রাংশত বিস্ফোৰণ ঘটি থানবান হোৱাৰ লগতে ভয়ানক অগ্ণিকাণ্ড সংঘটিত হয়৷ বিস্ফোৰণৰ প্রাবল্যত কম্প্রেচৰ হাউছ ছেদেলি–ভেদেলি হৈ পৰাৰ লগতে বিস্ফোৰণৰ শব্দত নামৰূপৰ প্রায় তিনি কিলোমিটাৰ দূৰলৈকে সমগ্র অঞ্চল কঁপাই তোলে৷ সঘনাই দুর্ঘটনা সংঘটিত হোৱা মৃত্যুদূতৰূপী আওপুৰণি গোটটোক লৈ আতংকত দিন কটোৱা নামৰূপৰ ৰাইজে কালি ত্রস্তমান হৈ নিশা শোৱাপাটী এৰি পলায়ন কৰিবলৈ আৰম্ভ কৰে৷ সৌভাগ্যক্রমে দুর্ঘটনাত কোনো শ্রমিক–কর্মচাৰী আঘাতপ্রাপ্ত হোৱা নাই৷

উল্লেখ্য যে উদ্যোগটোত ইয়াৰ পূর্বেও বহুবাৰ এনে দুর্ঘটনা সংঘটিত হৈছে৷ বিগত বর্ষৰ ১৯ মে’ৰ পুৱতিনিশা একেটা গোটতে বিস্ফোৰণ ঘটি তিনি মাহ উৎপাদন ব্যাহত হৈ পৰিছিল৷

ইপিনে ১৮৭৬ চনতে স্থাপন হোৱা উদ্যোগটোৰ দুই নং গোটটোৱে আয়ুসকাল কেতিয়াবাই হেৰুৱাইছে৷ তেনে প্রেক্ষাপটতে প্রায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কোম্পানী পি ডি আই এলে প্রায় ২০০২ চনত নামৰূপ সাৰ কাৰখানাৰ বাকীকেইটা গোটৰ লগতে দুই নং গোটৰো ৰিভেম্পিং কৰিছিল৷ ৫০০ কোটি ব্যয়েৰে মেৰামতি কৰি ২০০৫ চনৰ ২২ নৱেম্বৰত উৎপাদন আৰম্ভ কৰা এই দ্বিতীয় গোটটো সন্দর্ভত সেই সময়ত টেকনিকেল এক্সপার্টে পৰীক্ষা–নিৰীক্ষা কৰি নিম্নমানৰ ত্রুটিপূর্ণ কামৰ বাবে গোটটো চলোৱাৰ অনুপযোগী বুলি ঘোষণা কৰাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে৷

ইফালে, সেই সময়ৰ চিএমডি এছ চি ধাৱানে দুই নং গোটৰ এটা ষ্টীম চলাই উৎপাদন আৰম্ভ কৰিলে যদিও উক্ত গোটটোৱে প্রায় এহেজাৰ কোটি টকা লোকচান ভৰাইছে বুলি সূত্রত প্রকাশ৷ উদ্যোগটোৰ উচ্চপদস্থ বিষয়া আৰু মেৰামতিৰ কামত নিয়োজিত ঠিকাদাৰে চৰকাৰী ধন উদৰস্থ কৰি উদ্যোগটোক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া বুলি অভিযোগ উঠি আহিছে৷

ইফালে,কালি সংঘটিত দুর্ঘটনাত লোকচানৰ পৰিমাণ বর্তমানলৈকে জানিব পৰা নাই যদিও গোটটো মেৰামতি কৰি পুনৰ উজ্জীৱিতকৰণ কৰিবলৈ ৪–৫ মাহ সময়ৰ প্রয়োজন হ’ব৷ ইফালে, মেৰামতিৰ বাবে প্রয়োজনীয় ধনৰ বাবেও কর্তৃপক্ষ চিন্তিত হৈছে৷ কাৰণ চৰকাৰৰ তৰফৰ পৰা তেনে কোনো আর্থিক সাহায্য নিদিয়ে বুলি জানিবলৈ দিছে৷ এনে সন্ধিক্ষণত উদ্যোগটোৰ দ্বিতীয় গোটটো পুনৰ উৎপাদনক্ষম হৈ উঠাক লৈও অনিশ্চয়তাই দেখা দিছে৷

You might also like