নিয়মীয়া বার্তা, ৩০ এপ্রিলঃ লকডাউনৰ বাবে সদাব্যস্ত ৰাজপথত শূন্যতা বিৰাজমান ৷ নাই প্রদূষণ, নাই হুলস্থূল ৷ চাৰিওদিশে মাথোঁ স্তব্ধতা ৷ এনে সময়তে নগাঁও জিলাৰ কামপুৰ নগৰত এজন স্থানীয় সাংবাদিকে চলাইছে এক নিৰলস প্রচেষ্টা ৷ ‘নিয়মীয়া বার্তা’ কাকতৰ সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাই একক প্রচেষ্টাৰে লকডাউনৰ কঠোৰ নিয়মৰ মাজতো নগৰবাসীক শুনাই আহিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত ৷ লকডাউনে স্তব্ধ কৰিব পৰা নাই ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি গীতবোৰক ৷ মন কৰিব লগা যে বিগত ২০১১ চনৰ ৫ নৱেম্বৰৰ ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ দিনৰ পৰাই প্রতিদিনে কামপুৰ নগৰৰ বজাৰত গীতসমূহ মাইকৰ যোগেদি প্রচাৰ কৰি আহিছে ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময় বিয়লি ৪.৩৭ বজাৰ পৰা ৫.৩৭ বজালৈ মুঠ এঘণ্টা সময়ৰ বাবে তেওঁৰ বাণীবদ্ধ অমৰ গীতসমূহ মাইকৰ যোগেদি কামপুৰ নগৰবাসীক শুনাই এক নজিৰ বহন কৰিছে সাংবাদিকগৰাকীয়ে ৷
জানিব পৰা মতে, ভূপেন হাজৰিকাৰ আজন্ম প্রেমিক এই সাংবাদিকগৰাকী ৷ তদুপৰি ভূপেন হাজৰিকাৰ গীতসমূহ বিশেষ পদ্ধতিৰে বাণীবদ্ধ কৰি নিতৌ প্রচাৰ কৰি আহিছে ৷ তদুপৰি যিমানেই বতাহ–বৰষুণবা প্রতিকূল পৰিস্থিতি নহওক সেই সময়ত ব্যক্তিগত সকলো কর্মক একাষৰীয়া কৰি এনেদৰে একদায়িত্ব আৰু কর্তব্য হিচাপে পালন কৰি আহিছে ৷ ফলত আবেলি এঘণ্টাৰ বাবে কামপুৰৰ বজাৰ জীপাল হৈ পৰে সুধাকণ্ঠৰ সুমধুৰ গীতেৰে ৷ তদুপৰি স্থানীয় একাংশ লোকৰ ভাষ্য মতে প্রতিজন কামপুৰীয়া ৰাইজ আবেলিৰ উক্ত সময়খিনিৰ বাবে অপেক্ষা কৰি থাকে আৰু বহুতৰ বাবে এই সময়খিনি হৈ পৰে অতি সুমধুৰ ৷ যিটো সময়ত সমগ্র দেশতে লকডাউনৰ বাবে প্রায় সকলো লোক মানসিকভাৱে অৱসন্ন হৈ পৰিছে, সেই সময়তে সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাৰ এনে প্রচেষ্টাই দূৰ কৰিছে বহু লোকৰ মানসিক অৱসাদ ৷
আনহাতে, ভূপেন হাজৰিকাৰ অমৰ গীতসমূহ যতি নপৰাকৈ মাইকৰ দ্বাৰা পৰিৱেশন কৰা কার্যক সকলোৱে প্রশংসা কৰিছে সাংবাদিকগৰাকীক৷ এইক্ষেত্রত কামপুৰৰ স্থানীয় সমাজকর্মী তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিষ্ঠাপক সভাপতি মোলন লস্কৰে কয় যে বৃহত্তৰ কামপুৰ অঞ্চল সামাজিক–সাংস্কৃতিক অনুষ্ঠানবোৰত ওতপ্রোতভাৱে জডিত সাংবাদিক সমৰেন্দ্র বৰাই ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনাৰ পৰাই এনেদৰে মাইকৰ দ্বাৰা অমৰ গীতসমূহ পৰিৱেশন কৰি এক সুকীয়া পৰিৱেশ সৃষ্টি কৰিছে৷ তদুপৰি বর্তমান আধুনিকতাৰ ধামখুমীয়াত অসমীয়া নৱপ্রজন্মৰ বাবে ই এক অতি গুৰুত্বপূর্ণ বার্তা প্রেৰণ কৰিছে বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে সাংবাদিকগৰাকীক শলাগ লয়৷ ইয়াৰ লগতে কামপুৰৰ বিশিষ্ট ব্যৱসায়ী ৰবি ঘোষেও কয় যে আবেলিৰ সেই এঘণ্টাৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে৷ ২০১১ চনৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি সাংবাদিকগৰাকীয়ে এক পৰিৱেশ সৃষ্টি কৰিছে আৰু এই কার্য কামপুৰৰ বাবে এক গৌৰৱৰ বিষয় ৷