নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত আৰু গ্রামোন্নয়নত ৫০০ কোটি টকাৰ কেলেংকাৰি; হাইক’ৰ্টত গোচৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ:  ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ ১০খন জিলাত ৫০০ কোটিৰো অধিক টকাৰ অনিয়ম হোৱা বুলি কেগৰ প্রতিবেদনৰ ভিত্তিত উল্লেখ কৰি আমগুৰি নৱনির্মাণ সমিতি নামৰ এটা সংস্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰ ৰুজু কৰিছে৷ ৫৮/২০২২ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক উল্লিখিত অভিযোগ সন্দর্ভত কেগৰ প্রতিবেদন ৰাজহুৱা হিচাপ কমিটীৰ ওচৰত দাখিল কৰিবলৈ নির্দেশ দিছে৷ আঠ সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে ৰাজহুৱা হিচাপ কমিটীক এই প্রতিবেদন দাখিল কৰিব লাগিব৷ উল্লেখ্য যে অসম নৱনির্মাণ সমিতিয়ে কেগৰ প্রতিবেদনৰ উদ্ধৃতি দি আবেদনখনত উল্লেখ কৰা অনুসৰি ২০০৯–১০ বর্ষৰ পৰা ২০১৬–১৭ বর্ষলৈ পঞ্চায়ত আৰু গ্রামোন্নয়নত বিভিন্ন আঁচনি ৰূপায়ণত ব্যাপক খেলিমেলি হৈছে৷ সেই অনুসৰি ৰাজ্যৰ কার্বি আংলং, নলবাৰী, কামৰূপ, বাক্সা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, ওদালগুৰি, নগাঁও, চিৰাং, গোৱালপাৰা জিলাত এই অনিয়ম সংঘটিত হৈছে৷ এম জি এনৰেগা, সেই সময়ৰ ইন্দিৰা আৱাস যোজনা, স্বর্ণজয়ন্তী স্ব–ৰোজগাৰ যোজনাৰ অধীনত এই অনিয়ম সংঘটিত হোৱাৰ তথ্য কেগৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ সেয়েহে কেগৰ প্রতিবেদনত উল্লেখ কৰা অভিযোগসমূহৰ তদন্তৰ বাবে এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠনৰ নির্দেশ দিবলৈ আবেদনৰ জৰিয়তে নৱনির্মাণ সমিতিয়ে উচ্চ ন্যায়ালয়ত প্রার্থনা জনাইছিল৷ তদুপৰি চৰকাৰী পুঁজিৰ ধন অপব্যৱহাৰ কৰা চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ লগতে তেওঁলোকৰ পৰা এই ধন আদায় কৰাৰ বাবেও নির্দেশ দিবলৈ আবেদনখনৰ জৰিয়তে প্রার্থনা জনোৱা হৈছে৷ উল্লেখ্য যে বিভিন্ন সময়ত ৰাজ্যৰ কেইবাটাও বিভাগত সংঘটিত ব্যাপক অনিয়মৰ তদন্ত বিচাৰি আন কেইবাখনো ৰাজহুৱা স্বার্থজড়িত আবেদন নৱনির্মাণ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল৷ কেগৰ প্রতিবেদনৰ ভিত্তিতে বিভাগসমূহত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ নির্দেশ দিবলৈ তেওঁলোকে প্রার্থনা জনাই আহিছে৷ আবেদনসমূহৰ ভিত্তিত ইয়াৰ পূর্বেও গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাটাও অনিয়মৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবক নির্দেশ দিছিল৷ তদুপৰি আন কেইবাটাও গোচৰত কেগৰ প্রতিবেদন ৰাজহুৱা হিচাপ কমিটীৰ ওচৰত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে নির্দেশ দিছিল৷ অৱশ্যে হিচাপ পৰীক্ষণ কমিটীয়ে কেগৰ প্রতিবেদন পৰীক্ষা কৰি ৰাজকোষৰ ধন অপব্যৱহাৰক লৈ উত্থাপিত অভিযোগ সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like