নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালালৰ পৰা সাৱধান হ’বলৈ চাকৰি প্রার্থীক অনুৰোধ জনাই উত্তৰ–পূব ৰে’লৱেৰ বিবৃতি

  • ১২টা জ’নেলৰ নিযুক্তি পৰীক্ষাত মধ্যভোগীৰ পিয়াপি
  • ১.১ কোটিতকৈও অধিক প্রার্থী অৱতীর্ণ হোৱা চিবিটিৰ তিনিটা পর্যায় সম্পন্ন
  • ১৯ ছেপ্ঢেম্বৰত আৰম্ভ হৈছে চতুর্থটো
  • ইতিমধ্যে ধৰা পৰিছে অসৎ উপায় অৱলম্বন কৰা কেইবাজনো

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: নিবনুৱা যুৱক–যুৱতীসকলৰ্ চৰকাৰী সংস্থাপনৰ প্রত্যাশাৰ সুযোগ লৈ অভিষ্ঠ সিদ্ধিত নামি পৰিছে দালাল চক্র৷ ইয়াৰ পৰা বাদ পৰি যোৱা নাই ৰে’লৱে ৰিক্রুইটমেণ্ট ব’র্ডে পূর্বৰ গ্রুপ ডি তথা বর্তমানৰ চি ই এন আৰ আৰ চি ০১/২০১৯–লেভেল ১ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা কম্পিউটাৰ আধাৰিত পৰীক্ষা, চমুকৈ চি বি টিও৷ ১২টা জ’নেল ৰে’লৱেত অন্তর্ভুক্ত কৰি আৰম্ভ কৰা এই নিযুক্তি প্রক্রিয়া তথা চিবিটিত ১.১ কোটিতকৈও অধিক প্রার্থী অৱতীর্ণ হৈছে৷ ইতিমধ্যে তিনিটা পর্যায় সম্পূর্ণ হোৱা আৰু যোৱা ১৯ ছেপ্ঢেম্বৰৰ পৰা চতুর্থটো পর্যায়ত আৰম্ভ হোৱা এই ১২টা জ’নেল ৰে’লৱেৰ নিযুক্তি পৰীক্ষাত পিয়াপি দিছে মধ্যভোগীয়ে৷

এই কথা কার্যতঃ স্পষ্ট হ’ল উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কার্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত৷ বিবৃতিটোত উল্লেখ কৰা অনুসৰি কঠোৰ সতর্কতা অৱলম্বনৰ ফলস্বৰূপে ইতিমধ্যে কেইবাটাও অসৎ আচৰণ–উপায়ৰ সৈতে জড়িত কেইবাজনো প্রার্থী নিয়মিত ৰূপত ধৰা পৰিছে৷ এনে অৱস্থাত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’ই বিবৃতিটোৰ জৰিয়তে দালালৰ পৰা প্রার্থীসকলক সাৱধান হ’বলৈ অনুৰোধ জনাইছে৷ লগতে কোৱা হৈছে– যিসকলে অবৈধ উপায়েৰে চাকৰিত নিযুক্তিৰ ভুৱা প্রতিশ্রুতি দি ভুল পথ দেখুৱাবলৈ প্রয়াস কৰে, সেই ক্ষেত্রত যাতে প্রার্থীসকলে মনোযোগ নিদিয়ে৷ পৰীক্ষাত যিকোনো ধৰণৰ অনিয়ম প্রতিৰোধ কৰিবলৈ সমগ্র প্রক্রিয়াটোত বিভিন্ন নিৰাপত্তাজনিত পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে প্রার্থীসকলক কেন্দ্রৰ আবণ্টন কম্পিউটাৰ নীতিৰ আধাৰত ৰেণ্ডমভাৱে কৰা হয়৷ লগতে এবাৰ প্রার্থীসকলে পৰীক্ষা কেন্দ্রত উপস্থিত হোৱাৰ পাছত আৰু নিজকে পঞ্জীয়নভুক্ত কৰাৰ পাছত পৰীক্ষাগৃহ–আসনৰ আবণ্টনো ৰেণ্ডমভাৱে হয়৷ পৰীক্ষাৰ প্রশ্ণকাকতখন উচ্চ ২৫৬–বিট এনক্রিপচন ৰূপত থাকে৷ তদুপৰি প্রার্থীৰ বাহিৰে আন কোনেও প্রশ্ণকাকত লাভ কৰিব নোৱাৰে৷ প্রার্থীয়ে পৰীক্ষা আৰম্ভ হোৱাৰ পাছত কম্পিউটাৰত দ্বিতীয় তথা অন্তিম লগ ইন কৰে৷ সেয়েহে এই পর্যায়ত স্বতঃস্ফূর্তভাৱে প্রশ্ণকাকতৰ চূড়ান্ত ডিক্রিপচন প্রকাশ হয়৷ প্রার্থীসকলৰ বাবে উপলব্ধ প্রশ্ণকাকতৰ প্রশ্ণৰ ক্রমটো উপলব্ধ চাৰিওটা বিকল্পৰ ৰেণ্ডমাইজেচন কৰা হৈছে বুলিও বিবৃতিটোত স্পষ্ট কৰি দিয়া হয়৷

এনেদৰে পৰীক্ষা কেন্দ্রত প্রতিজন প্রার্থীৰ এক স্বতন্ত্র প্রশ্ণকাকত থাকে আৰু অৱতীর্ণ প্রার্থীৰ বাবে কোনো এনছাৰ কী প্রস্তুত কৰিব নোৱাৰে বুলি উল্লেখ কৰি বিবৃতিটোত পুনৰ কোৱা হয় যে যদি কোনোবাই প্রার্থী এজনক এনছাৰ কী প্রদানৰ দাবী কৰে, সেয়া সম্পূর্ণ মিছা, ভিত্তিহীন আৰু বিভ্রান্তিকৰ৷ এই পৰীক্ষাসমূহ চিচি টিভি কেমেৰাত কঠোৰ নিৰীক্ষণত প্রতিজন প্রার্থীৰ সম্পূর্ণ ৰেকর্ডিঙৰ সৈতে অনুষ্ঠিত কৰা হৈছে৷ তদুপৰি পৰীক্ষা সুচাৰুৰূপে পৰিচালনা হোৱাটো নিশ্চিত কৰাৰ বাবে ৰে’লৱেই প্রার্থীসকলৰ লগতে পৰীক্ষা পৰিচালনা সংস্থা (ই চি এ)ৰ কর্মচাৰীসকলৰ কাম–কাজ নিৰীক্ষণ কৰিবলৈ প্রতিটো কেন্দ্রত নিজাববীয়া কর্মচাৰী নিয়োগ কৰিছে৷ যিকোনো সন্দেহজনক কার্যকলাপৰ ওপৰত নজৰ ৰাখিবলৈ ছার্ভাৰ ৰুমত এজন আৰ পি এফ জোৱানসহ দুজন লোককো নিয়োগ কৰা বুলি বিবৃতিটোত সদৰী কৰা হয়৷

You might also like