নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পেছাত তেওঁ পাচলি বিক্ৰেতা । ফুটপাথত পাচলি বিক্ৰী কৰা এইজন বিক্ৰেতা গ্ৰাহকৰ বাবে তেনেই চিনাকি । পিচে এইজন পাচলি বিক্ৰেতাই পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে এক অসাধাৰণ প্ৰতিভা আছে মানুহজনৰ । পাচলি বিক্ৰীৰ সমান্তৰালভাৱে ধৰ্মীয় গ্ৰন্থ অধ্যয়নৰ লগতে বৰ্তমানলৈকে প্ৰায় ১৫ খন গ্ৰন্থ লিখি উলিয়াইছে এই ব্যক্তিজনে ।
এই অসাধাৰণ প্ৰতিভাৰ গৰাকী পাচলি বিক্ৰেতাজন এইখন অসম মুলুকৰে । যোৰহাট চহৰৰ পদপথত পাচলি বিক্ৰী কৰা অসাধাৰণ এই বিক্ৰেতাজনৰ নাম হৈছে লক্ষ্মীৰাম দুৱৰা দাস । দিনৰ ভাগত চহৰৰ মাজমজিয়াত পাচলি বিক্ৰী কৰা মানুহজনৰ কলমেৰে নিগৰিছে ইখনৰ পাচত সিখন ধৰ্মমূলক গ্ৰন্থ । পাচলি বিক্ৰী কৰা ধনেৰে পৰিয়াল চলোৱা মানুহজনে আয়ৰ এটা অংশৰে শংকৰদেৱ, মাধৱদেৱকে ধৰি মহানপুৰুষ সকলৰ ধৰ্মীয় গ্ৰন্থ ক্ৰয় কৰি অধ্যয়নত নিমগ্ন হয় । এই অধ্যয়নৰ জৰিয়তে জ্ঞান আহৰণত ব্যস্ত থকা বিক্ৰেতাজনে সমান্তৰালভাৱে নিজেও লিখি উলিয়াইছে ১৫ খনকৈ গ্ৰন্থ । আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে প্ৰকাশ কৰা এই গ্ৰন্থসমূহৰ উপৰিও বৰ্তমানেও অপ্ৰকাশিত ৰূপত আছে ৪ খন গ্ৰন্থ ।
পাচলিৰ লগতে নিজৰ গ্ৰন্থসমূহো লগত ৰখা লক্ষ্মীৰাম দুৱৰা দাসৰ পৰা আগ্ৰহী পাঠকে ক্ৰয় কৰে এইসমূহ ধৰ্মীয় গ্ৰন্থ । আৰ্শীবাদ, নাম মালিকা কাব্যৰ গদ্যানুবাদ, সৰল ব্যাখ্যামৃত, ভক্তি-প্ৰদীপকে ধৰি মুঠ ১৫ খন গ্ৰন্থৰ ৰচয়িতা এইগৰাকী পাচলি বিক্ৰেতা । এইগৰাকী ব্যতিক্ৰমী পাচলি বিক্ৰেতাৰ এই অসাধাৰণ প্ৰতিভাই এতিয়া যোৰহাটৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।