পাটাছাৰকুছিৰ শিৱ দুৰ্গাধামত সেৱা জনাই আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পাটাছাৰকুছিৰ শিৱ দুৰ্গাধাম দৰ্শন কৰি দুৰ্গা মাৰ চৰণত সেৱা জনাই আশিস লয়৷ দুৰ্গোৎসৱ উপলক্ষে মন্দিৰ প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে চৰকাৰে ইতিমধ্যে ৩ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰাৰ লগতে ১২০ বছৰ পূৰ্ণ কৰা পাটাছাৰকুছি প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবেও প্ৰয়োজনীয় পুঁজি দিয়া হ’ব বুলি মন্তব্য কৰেl
তদুপৰি শতবৰ্ষ গৰকা পাটাছাৰকুছি থানাখন মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে দোহাৰে৷