নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ ৰাজ্য খনৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰতো অসম গণ পৰিষদৰ কাৰ্যালয়ত ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা    ,১৪ অক্টোবৰ:- অগপ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় পতাকা উত্তোলন কৰে মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক জাবেদ ইছলামে।

উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ অগপ কাৰ্যালয়ত ৩৭ সংখ্যক অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণত পুষ্পাঞ্জলি দিয়ে নিলমনি পালে।
মানকাচৰৰ এ এ লতিফ গাৰ্লছ স্কুল প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক জাবেদ ইছলামে।
পিছত উক্ত স্কুলৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়। সভাক প্ৰাক্তন বিধায়ক জাবেদ ইছলামে কয় যে ১৯৮৫ চনত জন্ম লাভ কৰা অসম গণ পৰিষদ দল টো অসমৰ জনতাৰ হিয়াৰ আমঠু হৈ পৰিছে। জন্মলগ্নৰ পৰাই অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰুৱাই আহিছে। অগপৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত ঐক্য, শান্তি, সম্প্ৰীতি, প্ৰগতি- অসম গণ পৰিষদে এই লক্ষ্যৰে অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদ শিৰত লৈ আঞ্চলিকতাবাদৰ বৰভেটিটো অধিক শক্তিশালী কৰাৰ বাবে অগপ নেতা তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামে আহ্বান জনায়।সভাত মানকাচৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত পৰা দলীয় নেতা কৰ্মীৰ উপস্থিত থাকে।

 ফাৰহাদ আহমেদ মানকাচৰ  

You might also like