নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথক কমতাপুৰৰ দাবীত উত্তাল ওদালগুৰি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ সদৌ কোচ ৰাজবংশী ছাত্র সন্থা, চমুকৈ আক্রাছুৰ অতুল বর্মন গোটৰ উদ্যোগত দেওবাৰে ওদালগুৰিত দিনজোৰা বর্ণাঢ়্য কার্যসূচীৰে উদ্যাপন কৰা হয় মহাবীৰ চিলাৰায়ৰ ৫১০সংখ্যক জন্মজয়ন্তী৷ চিলাৰায় দিৱস উপলক্ষে উলিওৱা এক বিশাল শোভাযাত্রাত দহ সহস্রাধিক লোকে অংশগ্রহণ কৰি জয় বীৰ চিলাৰায়, জয় শুক্লধ্বজ ধ্বনিৰ লগতে ৰাজ্যৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে ওদালগুৰি কঁপাই তোলে৷ চিলাৰায় দিৱসৰ কার্যসূচীৰ লগত সংগতি ৰাখি উলিওৱা বিশাল শোভাযাত্রাত ‘আমাক জনজাতিৰ মর্যাদা দিব লাগিবই’, ‘কমতাপুৰ ৰাজ্য শীঘ্রে গঠন কৰক’, ‘কোচ ৰাজবংশীবিৰোধী হুঁচিয়াৰ’ আদি বিভিন্ন শ্লোগান দিয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ দহ সহস্রাধিক কোচ ৰাজবংশী লোকে৷ চিলাৰায় দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰি আক্রাছুৰ সভাপতি অতুল বর্মনে বীৰ চিলাৰায়ৰ প্রতিমূর্তিত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰি দিয়া ভাষণত তেওঁ বীৰ চিলাৰায়ৰ বীৰত্ব আৰু সুশাসনৰ কথা উল্লেখ কৰাৰ লগতে ৰাজ্যৰ কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যাৰ ওপৰতো আলোকপাত কৰে৷ কমতাপুৰ ৰাজ্যৰ দাবীত প্রতিজন কোচ ৰাজবংশী লোকসকলে অবিৰতভাৱে গণতান্ত্রিক আন্দোলন চলাই নিব বুলিও তেওঁ হুংকাৰ দিয়ে৷ দুপৰীয়া ৫১০সংখ্যক চিলাৰায় দিৱস উদ্যাপন সমিতিৰ সভাপতি সমীৰণ সিংহৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা বিপিন বর্মন নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বীৰ চিলাৰায়ৰ জীৱন সন্দর্ভত আলোকপাত কৰে৷ সভাত ওদালগুৰি জিলা সমিতিৰ আগছুৰ সভাপতি সোমৰাজ সোণাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিওৰা, বিশিষ্ট গীতিকাৰ মধু পাটোৱাৰী আদি কেইবাজনো লোক উপস্থিত থাকে৷ ইয়াৰ পূর্বে পুৱা আক্রাছুৰ পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি অতুল বর্মনে আৰু সাংস্কৃতিক পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্রী মণিকা ৰায়ে৷ শ্বহীদ তর্পণ অনুষ্ঠান মুকলি কৰে আক্রাছুৰ সম্পাদক সুমন্ত কোচে আৰু সাংস্কৃতিক শোভাযাত্রা মুকলি কৰে আক্রাছুৰ সভাপতি অতুল বর্মনে৷

You might also like