নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ আগমনক লৈ ব্যাপক নিৰাপত্তা বেষ্টনী; এছ পি জিৰ নিয়ন্ত্রণত বৰঝাৰ বিমানবন্দৰ, জাংখ্রিথাই পথাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ বিজয় উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে আজি পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হ’ব লগা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমনক কেন্দ্র কৰি গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা ব্যৱস্থা৷

আজি দিনৰ ১১ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব লগা প্রধানমন্ত্রীগৰাকীয়ে ইয়াৰ পৰাই হেলিকপ্টাৰযোগে কোকৰাঝাৰত উপস্থিত হ’ব৷ প্রধানমন্ত্রীগৰাকীৰ এই আগমনক লৈ এতিয়া নিৰাপত্তাৰ সকলো দিশ তন্ন তন্নকৈ পৰীক্ষাত নামি পৰিছে প্রধানমন্ত্রীৰ বিশেষ নিৰাপত্তা বাহিনী৷

বিশেষকৈ প্রধানমন্ত্রীগৰাকীৰ আগমনৰ প্রাকক্ষণত গুৱাহাটীত দুটাকৈ আই ই ডি উদ্ধাৰৰ ঘটনাৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্রত তিলমাত্রও শিথিলতা বিচৰা নাই অসম আৰক্ষীয়ে৷

ইতিমধ্যে প্রধানমন্ত্রীৰ নিৰাপত্তাৰ দিশ চোৱাচিতা কৰাৰ লক্ষ্যৰে কালিয়েই গুৱাহাটীত উপস্থিত হৈছে এছ পি জিৰ বিশেষ কমাণ্ডো বাহিনী৷ এছ পি জিৰ জোৱানে কালি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ সুৰক্ষা ব্যৱস্থা নিজৰ নিয়ন্ত্রণলৈ নিয়াৰ লগতে কোকৰাঝাৰৰ জাংখ্রিথাইৰ সভাস্থলীও নিজৰ নিয়ন্ত্রণলৈ নিছে৷

গুৱাহাটী আৰু কোকৰাঝাৰৰ উপৰি ৰাজ্যৰ প্রতিটো স্পর্শকাতৰ এলেকাত প্রধানমন্ত্রীৰ আগমনৰ উদ্দেশ্যে গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা ব্যৱস্থা৷ এই সমগ্র নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে৷ আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে কোকৰাঝাৰত বাহৰ পাতি সকলো দিশ তদাৰক কৰাৰ লগতে প্রধানমন্ত্রীৰ নিৰাপত্তাত নিয়োজিত এছ পি জিৰ সৈতেও যোগাযোগ ৰাখিছে৷

You might also like