নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত দেখা দিয়া বিসংগতি সন্দৰ্ভত মঙলবাৰে অসম পাব্লিক ৱৰ্কছৰ নেতা অভিজিত শৰ্মাই এক সংবাদমেল সম্বোধন কৰে । ৰাজ্যৰ ২২ খন জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত হোৱা বিসংগতিৰ বাবে ১০০ শতাংশ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰা বুলি উল্লেখ কৰে অভিজিত শৰ্মাই ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সংঘটিত হোৱা দুৰ্নীতি, বাংলাদেশীৰ নাম সোমোৱা, জেহাদীৰ নাম সোমোৱাৰ বিষয়ত এখন উচ্চস্তৰীয় সমিতি গঠনৰো দাবী তুলিছে এ পি ডব্লিউৱে । ১০০ শতাংশ পুনৰীক্ষণৰ লগতে চিবিআই , ইডি আৰু নিয়াৰ সহায়ত এটা তদন্ত কৰি কেনেকৈ বাংলাদেশীৰ নাম সোমালে অথবা ১৬০০ কোটিৰ ৩০০ কোটিতকৈ অধিক টকাৰ দুৰ্নীতি সংঘটিত হ’ল তাৰ বাবেও উচ্চতম ন্যায়ালয় আবেদন জনাইছে অভিজিত শৰ্মাই ।
ইফালে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক হোৱাইট কলাৰ জেহাদী আখ্যা দি ৮০ লাখতকৈ অধিক বাংলাদেশীৰ নাম এনআৰচিত সোমোৱালে বুলিও অভিযোগ কৰে অভিজিত শৰ্মাই । এনআৰচিৰ কামৰ বাবে তৈয়াৰ কৰা ছফটৱেৰো ডুপ্লিকেট কিয়নো সমন্বয়ক প্ৰতীক নিজেই এই কথা উল্লেখ কৰিছে । যাৰ বাবে ইতিমধ্যে তিনিটা গোচৰ দাখিল কৰিছে এপিডব্লিউৱে । গীতানগৰ থানা , চিআইডি আৰু চিবিআইক দাখিল কৰাৰ লগতে মুঠ ২২ টা গোচৰ প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে অভিজিত শৰ্মাই ।