নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ শীঘ্ৰে কংগ্ৰেছৰ এজন প্ৰভাৱশালী বিধায়কে যোগ দিব ভাৰতীয় জনতা পাৰ্টীত । এইজন বিধায়কৰ লগতে অন্য বহুকেইজন বিধায়কো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে বুলি উল্লেখ কৰে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুই-এদিনতে এজন প্ৰভাৱশালী কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব কয় । ইফালে, ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তৃতীয়খন আসনত বিৰোধীৰ জয় নিশ্চিত বুলি কৈ এইয়া ৰাজ্যসভা নিৰ্বাচনৰ প্ৰভাৱ নহয় বুলিও উল্লেখ কৰে ।