নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱন তেৰাঙক বিশ্ব বেংকৰ মুখ্য অভিযন্তা নিযুক্তি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অসম চৰকাৰে কার্বি আংলঙৰ পৱন তেৰাঙক বিশ্ব বেংকৰ মুখ্য অভিযন্তা ৰূপে নিযুক্তি প্রদান কৰিছে৷ যোৱা ৩১ ডিচেম্বৰত পৱন তেৰাঙে এই সন্মানজনক পদৰ দায়িত্বভাৰ গ্রহণ কৰে৷

অভিযন্তাগৰাকীক অসম চৰকাৰে প্রদান কৰা এনে সন্মানৰ বাবে জিলাবাসী উৎফুল্ল হৈ পৰাৰ লগতে তেওঁৰ সফলতাৰ বাবে গৌৰৱবোধ কৰিছে৷

প্রয়াত বালিৰাম তেৰাং আৰু প্রতিভা ৰংপিপীৰ পুত্র পৱন তেৰাঙে ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পিছত কটন মহাবিদ্যালয়ত অধ্যয়ন কৰে৷ ইয়াৰ পিছত কর্ণাটকস্থিত এনআইটিৰ পৰা ১৯৯০ চনত চিভিল ইঞ্জিনিয়াৰিঙত প্রথম শ্রেণীৰ স্নাতক ডিগ্রী লাভ কৰি গডকাপ্ঢানী বিভাগৰ হাফলঙত সহকাৰী অভিযন্তা হিছাপে যোগদান কৰে৷ ১৯৯২–২০০২ সময়ছোৱাত তেৰাঙে গড়কাপ্টানী বিভাগৰ মাহুৰ সংমণ্ডল (পথ)ত সহকাৰী কার্যবাহী অভিযন্তা হিছাপে দায়িত্ব পালন কৰে৷ ২০০২–২০০৪ সময়ছোৱাত গড়কাপ্টানী বিভাগৰ ডিফু পথ সংমণ্ডলৰ দায়িত্ব পালন কৰাৰ লগতে বিভাগটোৰ ধুবুৰী উপ–সংমণ্ডলত একে দায়িত্ব পালন কৰে৷ ইয়াৰ পিছত ২০০৬– ২০১৫ সময়ছোৱাত তেওঁ বিভাগটোৰ হামৰেণ উপ–সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা, হামৰেণ আৰু বৈঠালাংছ’ সংমণ্ডলৰ কার্যবাহী অভিযন্তাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷ ২০১৬ চনৰ পৰা বিগত বর্ষৰ মার্চ মাহলৈকে পাহাৰীয়া এলেকাটোৰ অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে নিযুক্তি লাভ কৰে৷ ইয়াৰ পিছত ২০১৯ চনৰ এপ্রিল মাহৰ পৰা ডিচেম্বৰপর্যন্ত তেৰাঙে বিভাগটোৰ অ’এছডি হিচাপে কার্যনির্বাহ কৰে৷ অতিৰিক্ত মুখ্য অভিযন্তাৰ দায়িত্বত থকা অৱস্থাত বিষয়াগৰাকীয়ে উক্ত সময়ছোৱাত ডিফু নগৰৰ সৌন্দর্য বর্ধনৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে গ্রহণ কৰা পদক্ষেপ কার্যকৰীকৰণৰ ক্ষেত্রতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷

You might also like