নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ফেচবুকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক উদ্দেশ্যে আপত্তিজনক মন্তব্য কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল ছিপাঝাৰৰ এজন যুৱক ৷ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তর্গত বছাচুবাৰ ভৃগুমণি নাথ নামৰ যুৱকজনে ধনজিৎ শিৱম নামৰ নিজৰ ফেচবুকৰ পৃষ্ঠাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক উদ্দেশ্যি কৰিছিল অশ্লীল মন্তব্য ৷ এই সন্দর্ভত দৰং আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে নিশা গ্রেপ্তাৰ কৰে ভৃগুমণি নাথ ওৰফে ধনজিৎ শিৱমক ৷