নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংশৰত ভট্টদেৱৰ ৪৬৪ সংখ্যক জন্মজয়ন্তীত মৃণালিনী দেবী

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ :  আধ্যাত্মিক আৰু আত্মাৰ উপলব্ধি নতুন প্ৰজন্মৰ আগত অৱগত কৰিব পাৰিলে ধৰ্মৰ সকলো দিশ আগবঢ়াই নিয়াত সহজ হৈ পৰে ৷ ধৰ্মীয় অনুস্হান সমুহে মহাপুৰুষ সকলৰ বিভিন্ন অনুস্হান অনুস্হিত কৰি বিগদ্ধ পণ্ডিত সকলক মহাপুৰুষ সকলৰ বিষয়ে বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় যদিও এই অনুস্হানবোৰৰ পৰা যুৱ প্ৰজন্ম আতৰি থকাটো এক চিন্তাৰ বিষয় হৈ পৰিছে ৷ সেয়েহে ধৰ্মীয় অনুস্হানবোৰে ধৰ্ম ৰক্ষা কৰিবলৈ হলে অথবা ৰাজ্যখনত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিবলৈ হলে যুৱ প্ৰজন্মক আধ্যাত্মিক দিশত আকৰ্ষিত কৰিব পৰা কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব ৷ এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেবীৰ ৷ আজি বংশৰ গোপালথানত কামৰূপ দামোদৰ সংঘৰ উদ্যোগত ভাৰতৰ গদ্য সাহিত্যৰ জনক কবিৰত্ন শ্ৰীশ্ৰী ভট্তদেৱৰ ৪৬৪ সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুস্হিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি সাহিত্য সভাৰ উপ সভানেত্ৰী গৰাকীয়ে পুনৰ কয় যে, যুৱক যুৱতী সকলৰ হূদয়ত আত্মাৰ উপলব্ধি কৰিব পাৰিলেহে মূল বিষয়বোৰ আগবাঢ়ি যাব ৷ মহাপুৰুষ সকলৰ গুণ গৰিমা বোৰ নতুন প্ৰজন্মৰ মাজত সিচৰিত কৰি তেওঁলোকৰ আদৰ্শ অনুপ্ৰাণিত হোৱাৰ ব্যৱস্থা কৰিবলৈ ধৰ্মীয় অনুস্হানৰ কৰ্মকৰ্তা সকলক তেওঁ আহ্বান জনায় ৷

ভাষণত তেওঁ ভট্তদেৱৰ জীৱনৰ সকলো দিশ সামৰি কয় যে ১৪৮০ শকাব্দত কামৰূপ জিলাৰ বৰনগৰৰ ভেদাগ্ৰাম তেওঁৰ জন্ম হৈছিল ৷ তেওঁ পাটবাউসীত গোপালদেৱৰ তত্ত্বাৱধানত শিক্ষা দিক্ষা লাভ কৰিছিল ৷ তেওঁক কবিৰত্ন উপাধী প্ৰদান কৰাৰ কথা উল্লেখ কৰি বিশিষ্টা মহিলা গৰাকীয়ে ভাগৱত বাখ্যাৰ ভট্তদেবে সকলোকে আকৰ্ষিত কৰিছিল বুলি দোহাৰে ৷ ভট্তদেবে গদ্য সাহিত্যলৈ অভূতপূৰ্ব বৰঙনী আগবঢ়োৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ভট্তদেব গদ্য সাহিত্যৰ জনক বুলিও মৃণালিনী দেবীয়ে উল্লেখ কৰে ৷ ভাষণত তেওঁ ভক্তি বিবেক নামৰ গ্ৰন্থ এখনৰ কথায়ো দোহাৰে ৷ কামৰূপ দামোদৰ দেৱ সংঘৰ সভাপতি যতীন্দ্ৰনাথ শৰ্মাৰ সভাপতিত্বত অনুস্হিত সভাত উদ্দেশ্য বাখ্যা কৰে ৰমেন ভাৰলীয়ে ৷ সভা উদ্বোধন কৰি কামৰূপ দামোদৰ সংঘৰ মুখ্য সচেতক প্ৰফুল্ল চন্দ্ৰ বৈশ্যই ভট্তদেৱৰ জন্মজয়ন্তী কিয় আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হ’ল তাক তথ্য সহকাৰে উপস্থিত ৰাইজৰ আগত বাখ্যা কৰি বুজাই দিয়ে ৷

মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰি আদৰণি সমিতিৰ সভাপতি পিতৰাম দাসে বংশৰ গাওঁখনৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীগোপাল থানাৰ বিষয়ে এক প্ৰাচীন ইতিসাহ দাঙি ধৰে ৷ মঞ্চত উপেন্দ্ৰ চন্দ্ৰ দাস, ভগৱান গোস্বামী,গণেশ ঠাকুৰীয়া প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ মুকলি সভাত স্হানীয় শিল্পী সকল সমাবেত সংগীত আৰু জ্যেষ্ঠ শিল্পী তৰুণ বৈশ্য আৰু ৰুবি বৈশ্যই লোকগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ ইয়াৰ পূৰ্বে পুৱা বন্তি প্ৰজ্বলন কৰে আদৰণি সমিতিৰ সভাপতি পিতৰাম দাসে ৷ পতাকা উত্তোলন কৰে সভাপতি যতীন্দ্ৰনাথ শৰ্মাই ৷ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে উপদেস্টা নগেন দাসে ৷ নিশা অনুস্হিত হয় শ্ৰীকৃষ্ণ নাট্যগোষ্ঠীৰ নাট্যভিনয় ৷

দিলীপ মেধি, শুৱালকুছি ৷

You might also like