নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল চাওক

আজি ২৮ জুন, আহাৰ মাহৰ ১২ তাৰিখ
শনিবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই

মেষ : আজি কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ শৰীৰত আঘাত পাব পাৰে, গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যার্থীৰ কাৰণে নতুন সুযোগ আহিব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

বৃষ : আজি ঘৰুৱা দিশত শান্তি বজাই থাকিব৷ চাকৰি ক্ষেত্রত সমস্যাই দেখা দিব৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ৷ বিদ্যার্থীসকলৰ অধিক মনোযোগৰ প্রয়োজন৷ প্রেমত বাধা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

মিথুন : আজি পৰিশ্রম আৰু চেষ্টাৰ দ্বাৰা দিনটোত বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰিব৷ নিজৰ মনৰ কথা আনৰ আগত প্রকাশ নকৰিব৷ বিদ্যাত বাধা৷ প্রেমত কষ্ট৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

কর্কট : আজি চাকৰিয়ালসকলৰ ডন্নতিৰ যোগ৷ ব্যৱসায়ৰ জৰিয়তে নতুন বন্বুূ লাভৰ যোগ৷ ঘৰত আলহীৰ আগমনৰ ফলত ব্যস্ততাৰ লগত অর্থ ব্যয়৷ বিদ্যার্থীৰ ভ্রমণৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

সিংহ : আজি নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে৷ সমাজসেৱামূলক কাম কৰি মানসিক আনন্দ লাভ৷ ভ্রমণৰ আলোচনা হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷

কন্যা : আজি কর্মক্ষেত্রত জটিলতা পাব৷ সন্তানৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা বৃদ্ধি পাব৷ উচ্চ বিদ্যার্থীৰ বাবে বিভিন্ন ধৰণৰ সুযোগ–সুবিধা আহিব পাৰে৷ ব্যৱসায়ত শুভ ফল৷ শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা ৩৷

তুলা : আজি চাকৰি ক্ষেত্রত নতুনকৈ অশান্তি দেখা দিব পাৰে৷ সংসাৰৰ ব্যয় বৃদ্ধিৰ ফলত আর্থিক ক্ষেত্রত চিন্তা থাকিব৷ বিজ্ঞানৰ ছাত্র–ছাত্রীৰ কোনো সমস্যা দেখা দিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷

বৃশ্চিক : আজি চাকৰিৰ ক্ষেত্রত ৰাজনৈতিক ষড়যন্ত্রৰ চিকাৰ হ’ব পাৰে৷ ব্যৱসায়ৰ ক্ষেত্রত সমস্যা আহিব পাৰে৷ কোনো মহিলাৰ কাৰণে বদনাম হোৱাৰ সম্ভাৱনা৷ হৃদৰোগীসকলে সতর্ক থাকিব৷ শুভ ৰং কলা, শুভ সংখ্যা ৭৷

ধনু : আজি নিবনুৱাসকলৰ যোগ্যতা অনুযায়ী কর্ম প্রাপ্তিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা বৃদ্ধি পাব৷ বিদ্যাত শুভ৷ প্রেমত অস্থিৰতা বৃদ্ধি পাব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷

মকৰ : আজি কর্মক্ষেত্রত দায়িত্ব বৃদ্ধিৰ লগত পদোন্নতিৰ যোগ৷ ব্যৱসায়ৰ জৰিয়তে নতুন পৰিচিত লাভ৷ ঘৰুৱা সম্পদ হানিৰ যোগ৷ বিবাহৰ যোগাযোগত বাধা৷ শুভ ৰং মাখন, শুভ সংখ্যা ৩৷

কুম্ভ : আজি ধৈর্যসহকাৰে কাম কৰিলে ভাল ফল লাভ কৰিব৷ আপোনাৰ সৰলতাৰ সুযোগ লৈ কোনোবাহ ক্ষতি কৰিব পাৰে৷ ভ্রমণৰ ক্ষেত্রত শাৰীৰিক সমস্যা দেখা দিব৷ বিদ্যাত উন্নতি৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷

মীন : আজি পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব৷ কোনো অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে৷ দাম্পত্যত সুখ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

You might also like