নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত জুইঃ খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ক’ৰ কমিটী গঠন

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ কামৰূপ (মহানগৰ) জিলাত বর্তমানে বলৱৎ হৈ থকা লকডাউনৰ সময়ছোৱাত শাক–পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাৰ বাবে সকলো দিশ চোৱাচিতা কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিব এখন ক’ৰ কমিটী৷ কালি খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কামৰূপ চেম্বার্ছ অৱ কমার্চকে ধৰি জিলাখনৰ কেইবাটাও পাইকাৰী বিক্রেতা সংস্থাৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে কোনো ব্যক্তি বা অনুষ্ঠানে সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ যাতে শাক–পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰ তথা ব্যৱসায়িক সংস্থাসমূহে টীম অসম মানসিকতাৰে যৌথ সহযোগিতাৰে কাম কৰিব লাগিব৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাছীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া এই ক’ৰ কমিটীয়ে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ ক্রয়–বিক্রয়ৰ সমগ্র দিশটো চোৱাচিতা কৰিব৷ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ পৰিচালন সঞ্চালক, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত, কৃষি বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু পৰিবহণ আয়ুক্তক সদস্য হিচাপে লৈ এই ক’ৰ কমিটী গঠন কৰা হ’ব৷ এই কমিটীয়ে ব্যৱসায়িক সংস্থাসমূহৰ সৈতে যোগাযোগ বর্তাই ৰখাৰ উপৰি জনসাধাৰণে যাতে চৰকাৰীভাৱে নির্ধাৰিত মূল্যত শাক–পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য–সামগ্রী লাভ কৰিব পাৰে, তাৰ বাবে যাৱতীয় পদক্ষেপ ল’ব৷ ইয়াৰ অংশ হিচাপে এই কমিটীখনে কামৰূপ (মহানগৰ) জিলাৰ বিভিন্ন এলেকাত শাক–পাচলি তথা অত্যাৱশ্যকীয় খাদ্য–সামগ্রী বিক্রীৰ ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে ফ্লাইং স্কোৱাড নিয়োগ কৰিব৷ এই স্কোৱাডে সকলো নির্ধাৰিত এলেকা তৎপৰতাৰে পৰিদর্শন কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷

  বৈঠকত বিভিন্ন ব্যৱসায়িক সংস্থাই চুবুৰীয়া জিলাসমূহৰ পৰা গুৱাহাটীলৈ শাক–পাচলি তথা অন্যান্য খাদ্য–সামগ্রী পৰিবহণৰ ক্ষেত্রত সন্মুখীন হোৱা সমস্যাৰ প্রতি গুৰুত্ব প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে এনে সামগ্রী কঢ়িওৱা বাহনসমূহ যাতে বাধাহীনভাৱে গুৱাহাটীলৈ আহিব পাৰে তাৰ বাবে প্রয়োজনীয় পদক্ষেপ ল’বলৈ মহানগৰ আৰক্ষী আয়ুক্তক নির্দেশ দিয়ে৷ তদুপৰি বানপানীৰ ফলত ৰাজ্যখনত বহুতো অত্যাৱশ্যকীয় শাক–পাচলিৰ উৎপাদন প্রভাৱিত হোৱা সম্পর্কে ব্যৱসায়িক সংস্থাসমূহে উত্থাপন কৰা বিষয়টোৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সোণোৱালে কৃষি বিভাগৰ উদ্যান শস্য সঞ্চালকক যিবোৰ জিলা বানত আক্রান্ত হৈছে, সেইসমূহত প্রভাৱিত হোৱা উদ্যান শস্য খেতিয়কসকলৰ সম্পর্কে জৰীপ কৰিবলৈ নির্দেশ দিয়ে৷

 মুখ্যমন্ত্রী সোণোৱালে কয় যে সাম্প্রতিক সময় যথেষ্ট জটিল আৰু এই সময়ত ৰাজ্য চৰকাৰে ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বার্থত লকডাউনৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ এই সময়ত শাক–পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ ফলত জনসাধাৰণে যথেষ্ট দুর্ভোগ ভুগিবলগীয়া হৈছে৷ এই অৱস্থাৰ উপশম ঘটাবলৈ চৰকাৰৰ লগতে ব্যৱসায়িক সংস্থাসমূহে সহযোগিতাৰে কাম কৰিব লাগিব৷ ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া ফ্লাইং স্কোৱাডে ২৪ ঘণ্টাই কাম কৰিব, যাতে কোনো অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ ল’ব নোৱাৰে৷ মুখ্যমন্ত্রী সোণোৱালে বৈঠকত কয় যে মহানগৰখনত থকা গৃহহীন লোকসকলে সন্মুখীন হোৱা সমস্যাৰ কথাটো ৰাজ্য চৰকাৰে গভীৰভাৱে উপলব্ধি কৰিছে৷ এই লোকসকল যাতে অনাহাৰে থাকিবলগীয়া নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক খাদ্য–সামগ্রী যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী সোণোৱালে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক সমগ্র ব্যৱস্থাটোৰ সুচল ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ বৈঠকত অংশগ্রহণ কৰি ব্যৱসায়িক সংস্থাসমূহে সামগ্রী অনা–নিয়াৰ ক্ষেত্রত সন্মুখীন হোৱা সমস্যাকে ধৰি মজুত থকা সামগ্রীৰ পৰিমাণ, খাদ্য সংসাধন উদ্যোগসমূহত দেখা দিয়া জটিলতা আদি বিভিন্ন বিষয় মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে৷ কামৰূপ চেম্বার্ছ অৱ কমার্চৰ লগতে এই বৈঠকত আলু আৰু পিঁয়াজৰ পাইকাৰী বিক্রেতা সংস্থা, পামহী শাক–পাচলি পাইকাৰী বিক্রেতা সংস্থা, ফলমূল বিক্রেতা সংস্থা আদিৰ প্রতিনিধিৰ উপৰি ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷

বৈঠকত খাদ্য আৰু অসামৰিক যোগানমন্ত্রী ফণীভূষণ চৌধুৰী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাছী, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়া, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী আয়ুক্ত মুন্না গুপ্তাকে ধৰি কৃষি, খাদ্য আৰু অসামৰিক যোগান সঞ্চালকালয়ৰ কেইবাজনো বিষয়া উপস্থিত থাকে৷

You might also like