নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনভোজলৈ ওলাইছে নেকি… তেন্তে ৰ’ব!

চৰকাৰে প্ৰস্তুত কৰিছে গাইডলাইন

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বনভোজৰ বতৰত পৰিবেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশেষ গাইড লাইন প্ৰস্তুত কৰিছে। বহু বনভোজকাৰী দলেসমূহে পৰিৱেশৰ প্ৰদূষিত কৰা পৰিক্ষিত হয়। সেয়ে চৰকাৰে পৰিবেশ সুৰক্ষিত ৰাখিবলৈ আৰু স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গঠন কৰিছে এখন মনিটৰিং কমিটী। সকলো জিলাতেই ডিষ্ট্ৰিক পিকনিক মনিটৰিং এণ্ড ছুপাৰভাইজৰী কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। জিলাসমূহৰ বনভোজস্থলীসমূহৰ বাবে এই সমিতিয়ে জাৰি কৰিব নিৰ্দেশনা। এই কমিটীত থাকিব গৃহ, বিত্ত, স্বাস্থ্য, গড়কাপ্টানী, পৰ্যটন আৰু বন বিভাগৰ প্ৰতিনিধি।

You might also like