নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ণাঢ্য ফিল্মফেয়াৰ বঁটালৈ মাজত মাথোঁ ১ দিন, চাৰ্টাৰ্ড ফ্লাইটেৰে আজি আহিব বহুকেইগৰাকী তাৰকা

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ অসম-নাগিলেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা, সোপাঢিলা নীতি আৰু নিৰ্লিপ্ততাৰ সুযোগ লৈ শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ছয় হাজাৰ চাৰিশ হেক্টৰ ভূমিৰ হ’বলগীয়া জাকজমকীয়া তথা বর্ণাঢ্য ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ বাবে সাজু হৈ উঠিছে আয়োজক চহৰ গুৱাহাটী৷ অভিজাত এই বঁটা প্রদান অনুষ্ঠানত অংশগ্রহণৰ বাবে ৰাজধানী চহৰখনত উপস্থিত হ’ব বলীউডৰ ২৪ গৰাকী জনপ্রিয় তাৰকা৷

অহা ১৫ ফেব্রুৱাৰীত সৰুসজাই ক্রীড়া প্রকল্প চৌহদত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত অংশগ্রহণৰ বাবে নিশ্চিতি প্রদান কৰিছে এই ২৪ গৰাকী তাৰকাই৷ অৱশ্যে পৰৱর্তী সময়ত এই তাৰকাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে৷ প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ বঁটাত অতিথিৰ আসন পূৰাব মাধুৰী দীক্ষিতৰ দৰে মোহময়ী অভিনেত্রীৰ পৰা ছানী লিয়নীলৈকে জনপ্রিয় তাৰকাই৷ অনুষ্ঠান পৰিৱেশন কৰিব অক্ষয় কুমাৰৰ দৰে ছুপাৰ ষ্টাৰে৷ বৰুণ ধাৱান, আলিয়া ভাট, আয়ুস্মান খুৰানাৰ দৰে তাৰকা শিল্পীৰ নৃত্যানুষ্ঠানে মুগ্ধ কৰিব দর্শকক৷ মুঠতে এদিনৰ বাবে মিনি মায়ানগৰীত পৰিণত হ’ব গুৱাহাটী মহানগৰী৷

উল্লেখ্য যে বর্ণাঢ্য এই কার্যসূচীৰ বাবে সৰুসজাইত নির্মাণ কৰা হৈছে এটা বিশাল পেণ্ডেল৷ কোটি টকা ব্যয়েৰে নির্মাণ কৰা এই বিশাল পেণ্ডেলৰ প্রায় ৭০ শতাংশ নির্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ বলীউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি সাধাৰণ দর্শকলৈকে সকলোৰে সুবিধা হোৱাকৈ ব্যৱস্থা কৰা হৈছে আসনৰ৷ অনুষ্ঠানৰ বাবে মঞ্চত সংযোজন কৰা হৈছে অত্যাধুনিক আলোকসজ্জা তথা শব্দৰ ব্যৱস্থা৷ মুঠতে ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ আয়োজক গোষ্ঠী টাইম্ছ অৱ ইণ্ডিয়া গ্রুপে ৰখা নাই কোনো ত্রুটি৷ সমান্তৰালভাৱে সৰুসজাইৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ ৰাজ্যৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে অনুষ্ঠানৰ স্থান পৰিদর্শন কৰি সমগ্র সুৰক্ষা ব্যৱস্থাৰ বুজ লৈছে৷ একেদৰে ফিল্মফেয়াৰৰ বাবে উপস্থিত হ’বলগীয়া তাৰকাসকলৰ বাবেও বিশেষ সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিব মহানগৰ আৰক্ষীয়ে৷ লগতে ফিল্মফেয়াৰ অনুষ্ঠান উপভোগৰ বাবে যোৱা দর্শকৰ ক্ষেত্রতো কেতবোৰ নীতি–নিয়ম নির্ধাৰণ কৰি দিছে আৰক্ষীয়ে৷ আৰক্ষীৰ এই নির্দেশনাসমূহ ফিল্মফেয়াৰৰ টিকটত সন্নিৱিষ্ট কৰা হৈছে৷ ইপিনে বঁটা প্রদান অনুষ্ঠানৰ বাবে অহা ১৪ ফেব্রুৱাৰীৰ পৰা গুৱাহাটীত উপস্থিত হ’ব তাৰকাসকল৷

ইতিমধ্যে আয়োজক গোষ্ঠীয়ে তিনিখন চার্টার্ড বিমান তাৰকাসকলৰ বাবে ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷ যিসকল তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব, তেওঁলোক ১৪ ফেব্রুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব৷ লগতে সৰুসজাইৰ মঞ্চত নৃত্যানুষ্ঠানৰ অনুশীলনতো তেওঁলোকে ভাগ ল’ব৷ জানিব পৰা মতে, গুৱাহাটীত উপস্থিত হ’বলগীয়া তাৰকাসকলৰ ভিতৰত আছে কৰণ জহৰ, আয়ুস্মান খুৰানা, বিকী কৌশলকে ধৰি বহুসংখ্যক তাৰকা৷ বলীউডৰ এই তাৰকাসকলক ৰখাৰ বাবে গুৱাহাটীৰ পঞ্চতাৰকা হোটেলসমূহৰ কোঠা বুকিং কৰা হৈছে৷ ৰেডিছন ব্লু, তাজ ভিভাণ্টা, নভ’টেল হোটেলত তাৰকাসকলক ৰখাৰ সম্ভাৱনা আছে৷ অৱশ্যে সুৰক্ষাজনিত কাৰণত আয়োজক গোষ্ঠীয়ে কোন তাৰকা কোন হোটেলত থাকিব, সেয়া এতিয়াও প্রকাশ কৰা নাই৷ তাৰকাসকলৰ বাবে ব্যৱস্থা কৰা হৈছে বিলাসী বাহনৰ৷ ইপিনে প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই বর্ণাঢ়্য অনুষ্ঠানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ আয়োজক গোষ্ঠীক সহযোগিতা কৰা অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সদৰী কৰা অনুসৰি ফিল্মফেয়াৰৰ টিকটৰ বিক্রী প্রায় সম্পূর্ণ হৈছে৷ মাত্র কিছুসংখ্যক উচ্চ মূল্যৰ টিকটহে বাকী আছে৷ এই টিকটসমূহো অনাগত দুদিনত বিক্রী হ’ব বুলি আশা প্রকাশ কৰিছে বৰুৱাই৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত অসমৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে ৯ ৰ পৰা ১২ মিনিট সময় প্রদান কৰা হ’ব৷ এই অনুষ্ঠানত অসমৰ সত্রীয়া নৃত্য, বিহুনৃত্যৰ লগতে বিভিন্ন জাতি–জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতি প্রদর্শন কৰা হ’ব৷ সত্রীয়া নৃত্য পৰিচালনা কৰিব নৃত্যাচার্য যতীন গোস্বামীয়ে৷ আনহাতে, বিহুনৃত্য আৰু জাতি–জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান তত্ত্বাৱধান কৰিছে বিহুৱা ৰঞ্জিত গগৈয়ে৷ অসমৰ অনুষ্ঠানত জনপ্রিয় শিল্পী আইমী বৰুৱা, গায়ত্রী মহন্তৰ লগতে সেউজপ্রিয়া গোস্বামী, সীতাৰাণী হাজৰিকাকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী উদীয়মান জনপ্রিয় শিল্পীয়ে অংশ ল’ব৷ ইয়াৰ লগতে ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত অংশগ্রহণ কৰিব বলীউডত প্রতিষ্ঠা লাভ কৰা অসমৰ শিল্পী, কলা–কুশলীসকলেও৷ উল্লেখ্য যে ফিল্মফেয়াৰৰ জৰিয়তে ৰাজ্যৰ পর্যটন ক্ষেত্রই এক নতুন গতি লাভ কৰিব বুলি আশা প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ যাৰ বাবে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে আগবঢ়াইছে সহযোগিতা৷ ইতিমধ্যে অসমৰ কাজিৰঙা, মানাহ, পবিতৰা, শিৱসাগৰকে ধৰি কেইবাখনো ঐতিহ্যমণ্ডিত স্থানৰ বর্ণনাৰে ফিল্মফেয়াৰে মুকলি কৰিছে প্রচাৰমূলক ভিডি’৷ য’ত অভিনয় কৰিছে বৰুণ ধাৱান, অংগন বেদী, ভূমি পার্ণেকাৰৰ দৰে তাৰকাই৷ ফিল্মফেয়াৰে ইতিমধ্যে বিভিন্ন শাখাৰ বঁটাসমূহৰ মনোনয়ন আৰু বিজয়ীৰ তালিকা ঘোষণা কৰিছে৷ অহা ১৫ ফেব্রুৱাৰীৰ অনুষ্ঠানতে এই বঁটাসমূহ প্রদান কৰা হ’ব৷

You might also like