বর্ষাপাৰাত ৰঞ্জি ট্রফীঃ আজিৰে পৰা অসম–মহাৰাষ্ট্রৰ মেচ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ উত্তৰাখণ্ড আৰু ছত্তিশগড়ৰ বিৰুদ্ধে উন্নত প্রদর্শনেৰে উজ্জীৱিত হৈ থকা অসমে আজিৰে পৰা ৰঞ্জি ট্রফীত মহাৰাষ্ট্রৰ মুখামুখি হ’ব৷
বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ঘৰুৱা দল অসমে সম্পূর্ণ ৬ পইণ্ট অর্জনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ ইয়াৰ বাবে অধিনায়ক গকুল শর্মা, উদীয়মান বেটছমেন ৰিয়ান পৰাগ, ঋষভ দাস আৰু ছাহিল জৈনে সুন্দৰ বেটিঙেৰে অসমৰ হৈ দীঘলীয়া ইনিংছ খেলিব লাগিব৷ একেদৰে সহঃধিনায়ক তথা অভিজ্ঞ মিডিয়াম পেচাৰ অৰূপ দাস, মুখতাৰ হুছেইন আৰু ৰঞ্জিত মালীয়ে বলিঙত উন্নত প্রদর্শন দাঙি ধৰাটো আৱশ্যক হ’ব৷
উল্লেখ্য যে অসমে এইপর্যন্ত চলিত ৰঞ্জি ছিজনত ছার্ভিচেছৰ বিৰুদ্ধে ড্র, ঝাৰখণ্ডৰ হাতত ইনিংছত পৰাজয়, জম্মু–কাশ্মীৰৰ বিৰুদ্ধে ড্র, উত্তৰাখণ্ডৰ বিৰুদ্ধে ইনিংছত জয় আৰু ছত্তিশগড়ৰ বিৰুদ্ধে ড্র খেলিছে৷ দলটোৰ হৈ প্রতিভাৱান বেটছমেন ৰিয়ান পৰাগে মুঠ ৩৩১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ অধিনায়ক গকুলে ৩০৩ ৰানৰ বৰঙণি আগবঢ়াইছে৷
ইফালে, আলহী দল মহাৰাষ্ট্রই চলিত ৰঞ্জি ছিজনত মাত্র এখন মেচত জয়ৰ মুখ দেখিছে৷