নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত আজি নির্ণায়ক এদিনীয়া; প্ৰৱল আত্মবিশ্বাসী টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াই আজি তৃতীয় তথা নির্ণায়ক এদিনীয়াত শ্রেষ্ঠত্বৰ যুঁজত নামিব৷

বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই শুকুৰবাৰে নিশা দুর্দান্ত জয়েৰে শৃংখলালৈ প্রত্যাৱর্তন ঘটোৱাৰ পিছত দেওবাৰৰ মেচখন তীব্র উত্তেজনাপূর্ণ আৰু আকর্ষণীয় হৈ উঠাৰ পূর্ণ সম্ভাৱনা আছে৷

টীম ইণ্ডিয়া

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত প্রথমখন এদিনীয়াত ১০ উইকেটত পৰাস্ত হোৱা টীম ইণ্ডিয়াই দ্বিতীয় এদিনীয়াত বলিং, বেটিং আৰু ফিল্ডিঙত স্বাভাৱিক ছন্দ লাভ কৰিবলৈ সক্ষম হয়৷ বিশেষকৈ মিডল অর্ডাৰৰ সমস্যাত ভুগি থকা ঘৰুৱা দলটোৱে লোকেশ ৰাহুলৰ ৰূপত উপযোগী বেটছমেন লাভ কৰিছে৷ প্রথম এদিনীয়াত তিনি নম্বৰ স্থানত বেটিং কৰা ৰাহুলে যোৱানিশা পাঁচ নম্বৰ স্থানত বেটিং কৰি ৮০ ৰানৰ আকর্ষণীয় ইনিংছ খেলি বিৰাট কোহলি বাহিনীৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷

ৰোহিত শর্মা আৰু শিখৰ ধাৱনেও অ’পেনিং যুটিত দলক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হৈছে৷ অৱশ্যে চাৰি নম্বৰ স্থানত শ্রেয়াছ আয়াৰ আৰু ৬ নম্বৰ স্থানত মনীষ পাণ্ডেৰ ব্যর্থতাক লৈ দল কিছু চিন্তিত৷

ইফালে, দ্বিতীয় এদিনীয়াত আঘাতৰ সন্মুখীন হোৱা অ’পেনাৰ ৰোহিত আৰু শিখৰ তৃতীয় এদিনীয়াৰ বাবে সুস্থ হৈ উঠা বুলি দলীয় সূত্রই প্রকাশ কৰিছে৷ তেওঁলোকে আজি টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰাটো নিশ্চিত৷

আনহাতে, তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ, মহম্মদ ছামি আৰু লেগ স্পীনাৰ কুলদীপ যাদৱ ফর্মলৈ ওভতাত ভাৰতীয় বলিং আক্রমণৰ চোক বৃদ্ধি পাইছে৷

খেলৰ সময়ঃ দিনৰ ১.৩০ বজা

You might also like