বাংলাদেশত মৃত্যুদণ্ডৰে দণ্ডিত কুখ্যাত জেহাদীৰ নেতৃত্বত অসমত সক্ৰিয় দুটাকৈ মৌলবাদী সংগঠন
'কা' ৰ গইনা লৈ নামনিত জেহাদৰ তৎপৰতা
নিয়মীয়া বাৰ্তা, ৮মার্চঃ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ এজন যুৱকে মুছলমানৰ আজাদী সম্পৰ্কীয় এক বিতৰ্কিত পোষ্ট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাৰ পাছত পুনৰ উচ্ছাৰিত হ’বলৈ লৈছে বাংলাদেশৰ কুখ্যাত জেহাদী গোষ্ঠী জামাত-উল-মুজাহিদীন, বাংলাদেশ চমুকৈ জে এম বিৰ নাম। উল্লেখ্য যে ২০১৪চনৰ ২ অক্টোবৰতচ চুবুৰীয়া পশ্চিমবংগৰ বৰ্ধমানৰ এক বিস্ফোৰণ কাণ্ডৰ তদন্ত চলাই ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাই (নিয়া) জে এম বিৰ শিপা অসমসহ উত্তৰ–পূর্বাঞ্চলৰ উপৰি চুবুৰীয়া পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ বিস্তৃত হৈ পৰাৰ চাঞ্চল্যকৰ তথ্য উদ্ঘাটন কৰিছিল৷ আনকি ৰাজ্যৰ নামনিৰ বৰপেটাৰ পৰা ভাৰত–বাংলাদেশ সীমান্তৱর্তী দুর্গম চৰাঞ্চললৈ জে এম বিয়ে ‘শ্লীপাৰ চেল’ গঢ়ি তোলাৰ সন্দেহো কৰা হৈছিল৷ উল্লেখ্য যে ১৯৯৮ চনত পাকিস্তানী চোৰাংচোৱা সন্থা আই এছ আইৰ প্রত্যক্ষ সহযোগত বাংলাদেশৰ ঢ়াকাত জন্ম লভা এই জেহাদী গোষ্ঠীটোৰ মূল লক্ষ্য হ’ল ২০২০ চনৰ ভিতৰত বাংলাদেশৰ উপৰি পশ্চিমবংগ, অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ এক বৃহৎ অঞ্চল সাঙুৰি বৃহত্তৰ ইছলামিক ৰাষ্ট্র গঠন কৰাৰ৷ অৱশ্যে ২০০৫ চনৰ ফেব্রুৱাৰী মাহত বাংলাদেশৰ ৩০০টা অঞ্চলত মুঠ ৫০০টাকৈ বিস্ফোৰণ ঘটাই চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হ’লেও ২০০৭ চনত বাংলাদেশৰ কমাণ্ডো বাহিনী ‘ৰেব নাইনে’ কৰায়ত্ত কৰা জে এম বিৰ প্রতিষ্ঠাতা আব্দুৰ ৰহমান ওৰফে বাংলা ভাইসহ সংগঠনটোৰ মুঠ চাৰিগৰাকী শীর্ষ নেতাক দেশখনৰ এক বিশেষ আদালতৰ ৰায়মর্মে মৃত্যুদণ্ড দিয়া হয়৷ বাংলাদেশৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ হেঁচা আৰু চাৰিগৰাকী শীর্ষ নেতাৰ মৃত্যুৰ পাছৰ পৰা সাংগঠনিক দিশত পৰাই ক্রমশঃ দুর্বল হৈ পৰিবলৈ লোৱা জে এম বি বর্তমানে মূল তিনিটা গোটত বিভক্ত৷ ইয়াৰে জে এম বিৰ প্রথম গোটটোৰ অধিকাংশ শীর্ষ নেতা বর্তমানে বাংলাদেশত কাৰাবাস খাটি থকাৰ বিপৰীতে জে এম বিৰ দ্বিতীয়টো গোট বর্তমানে হৰকত–উল–জিহাদ আল–ইছলামী, বাংলাদেশৰ (চমুকৈ হুজি বি) দ্বাৰা নিয়ন্ত্রিত হৈ আছে৷ আনহাতে, জে এম বিৰ তৃতীয়টো গোট নিয়ন্ত্রণ কৰি আছে নি’ জে এম বি নামৰ এটা দুর্ধর্ষ গোষ্ঠীয়ে৷ এক বিশেষ সূত্রই সদৰী কৰিছে এই তথ্য৷ উল্লেখ্য যে ২০১৬ চনৰ ১ জুলাইৰ দিনা বাংলাদেশৰ ৰাজধানী ঢ়াকাৰ ‘গুলচন কাফে’ত আত্মঘাতী জেহাদী সদস্যই চলোৱা এক নাৰকীয় ঘটনাৰ পাছত জে এম বিৰ পৰা ফালৰি কাটি নি’ জে এম বি নামৰ এটা নতুন জেহাদী গোষ্ঠী আত্মপ্রকাশ কৰাৰ বিষয়টো পোনপ্রথমবাৰৰ বাবে উন্মোচিত হৈছিল৷ বর্তমানে ‘আনছাৰ উল্লাহ বাংলা টীম’ নামৰ বাংলাদেশৰ আন এটা মৌলবাদী শক্তিৰ সৈতে লগ হৈ এই নি’ জে এম বি প্রকৃততে জে এম বিৰ মূল চালিকা শক্তি হৈ পৰা বুলি সন্দেহ কৰা হৈছে৷ সূত্রটোৰ দাবী অনুসৰি বর্তমানে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যসহ পশ্চিমবংগৰ ভাৰত–বাংলাদেশ সীমান্তৱর্তী অঞ্চলত নি’ জে এম বি নামৰ এই জেহাদী গোষ্ঠীটোৰ অতি কমেও ৩,৪০০ৰ পৰা ৪,০০০ সক্রিয় কর্মী আছে৷ শেহতীয়াভাৱে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুর্গম ৰৌমাৰী সীমান্তৰ সিপাৰে ‘আনছাৰ উল্লাহ বাংলা টীম’ নামৰ মৌলবাদী শক্তিটোৰ তৎপৰতা বৃদ্ধি পোৱাৰ সন্দেহ কৰা হৈছে৷ আনহাতে, ২০১৬ চনৰ ২৭ আগষ্টৰ দিনা বাংলাদেশৰ ঢ়াকাত আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত নি’ জে এম বিৰ প্রতিষ্ঠাতা তামিম চৌধুৰীৰ মৃত্যু হোৱাৰ পাছত বর্তমানে এই জেহাদী সংগঠনটো প্রত্যক্ষভাৱে কুখ্যাত জেহাদী চালেহউদ্দিন চালেহিনৰ নিয়ন্ত্রণত থকাৰ সন্দেহো কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই৷ উল্লেখ্য যে বাংলাদেশৰ বিশেষ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰা কুখ্যাত জেহাদী নেতা চালেহউদ্দিন চালেহিন আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী জাহিদুল ইছলাম ওৰফে বোমাৰু মিজান ওৰফে কাউছাৰ নেতৃত্বত ভাৰতত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে জামাত–উল–মুজাহিদীন্ ইণ্ডিয়া চমুকৈ জে এম আই নামৰ এক নতুন জেহাদী গোষ্ঠী জন্ম হোৱাৰ নিশ্চিত তথ্য আছে ভাৰতীয় চোৰাংচোৱাৰ হাতত৷ আনকি এই দুই জেহাদীৰ সম্ভেদ দিওঁতালৈ ‘নিয়া’ই ইতিমধ্যে ৫ লাখ টকাৰ এক পুৰস্কাৰো ঘোষণা কৰিছে৷ অৱশ্যে বাংলাদেশৰ আৰক্ষীৰ চকুত ধূলি মাৰি চালেহউদ্দিনে ভাৰতলৈ অহাৰ পাছত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ হেঁচাত পুনৰ বাংলাদেশলৈ পলায়ন কৰিবলৈ সক্ষম হ’লেও জেহাদী নেতাজনে বর্তমানে পুনৰ ভাৰতত প্রৱেশ কৰাৰ এক সন্দেহ থকা বুলি সদৰী কৰিছে নাম প্রকাশত অনিচ্ছুক সেই সূত্রটোৱে৷ সূত্রটোৰ দাবী অনুসৰি মৌলবাদী অথৱা জেহাদী শক্তিবোৰে সাধাৰণতে দৰিদ্র, অশিক্ষিত পৰিয়ালৰ যুৱকক সদস্য ৰূপে ভর্তি কৰোৱাৰ টার্গেট ৰূপে নির্বাচন কৰে৷ সদস্য ভর্তিৰ ক্ষেত্রত নি’ জে এম বিয়ে উচ্চ অথবা উচ্চ মধ্যবিত্ত পৰিয়ালৰ শিক্ষিত, ইংৰাজীকে ধৰি ইণ্টাৰনেট থকা যুৱকক অগ্রাধিকাৰ দিয়ে৷ জানিব পৰা অনুসৰি বর্তমানে সম্পূর্ণৰূপে পাকিস্তানৰ চোৰাংচোৱা গোষ্ঠীৰ নিয়ন্ত্রণত থকা নি’ জে এম বিয়ে ২০১৮ চনৰ পৰাই নকল ভাৰতীয় মুদ্রাৰ বেহাৰ সৈতে জডিত হৈ থকাৰ নির্দিষ্ট তথ্য আছে দেশৰ চোৰাংচোৱা সন্থাসমূহৰ হাতত৷ অৱশ্যে শেহতীয়াভাৱে জেহাদী গোষ্ঠীটোৱে গৰুৰ চোৰাং বেহাৰ উপৰি ৰাজ্যৰ ভাৰত–বাংলাদেশ সীমান্তৰ দুর্গম অঞ্চলত মাদক দ্রব্যৰ বেহাৰ সৈতে জডিত হৈ পৰাৰ সন্দেহো উত্থাপন হৈছে৷ ইয়াতে উল্লেখনীয় যে বিগত ৫ ফেব্রুৱাৰীৰ দিনা আছমিনা খাতুন ওৰফে আছমা নামৰ এগৰাকী ২৮ বছৰীয়া এগৰাকী দুর্ধর্ষ জেহাদী নেত্রী বাংলাদেশ আৰক্ষীৰ জালত পৰা ঘটনাই নি’ জে এম বিৰ নিজস্ব মহিলা গোট থকাটো স্পষ্ট কৰি দিছে৷ তদুপৰি এই জেহাদী গোষ্ঠীটোৰ নিজস্ব ‘আই টি চেল’ থকাৰো নির্দিষ্ট তথ্য আছে দেশৰ শীর্ষ চোৰাংচোৱা বিভাগৰ হাতত৷ এনে প্রেক্ষাপটত ‘কা’ৰ গইনা লৈ বিশ্বৰ আগশাৰীৰ জেহাদী সংগঠন ‘আই চি চি’ৰ সৈতে সম্পর্ক ৰাখি চলা নি’ জে এম বি আৰু জে এম আয়ে আগত সময়ত সমগ্র দেশৰ লগতে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যকে ধৰি পশ্চিমবংগতো এক অস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ পূর্ণ প্রচেষ্টা অব্যাহত ৰখাৰ দিশটো নুই কৰা নাই ভু ৰখা মহলবোৰে৷