বাংলাদেশত সাগৰীয় ঘূর্ণি ম’কা : পাঁচ লক্ষাধিক লোকক নিৰাপদ স্থানত আশ্রয়
বিশেষ বাৰ্তা, ১৪ মেঃ বংগোপ সাগৰত সৃষ্ট সাগৰীয় ঘূর্ণি ম’কাই সংহাৰী ৰূপ ধাৰণ কৰাৰ প্রতি লক্ষ্য ৰাখি বাংলাদেশত পাঁচ লক্ষাধিক লোকক নিৰাপদ স্থানত আশ্রয় দিয়া হৈছে৷ আজি দক্ষিণ–পূব বাংলাদেশত সাগৰীয় ঘূর্ণি ম’কা অতি ভয়াৱহ হৈ উঠিব৷ ঘণ্টাত ১৭০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে ১২ ফুট উচ্চতালৈ ই প্রচণ্ড গতি কৰিব৷ সাগৰীয় ঘূর্ণি ম’কাই বিশ্বৰ বৃহত্তম শৰণার্থী শিবিৰ, কক্স বজাৰত ভয়াৱহ ৰূপ লৈ তাণ্ডৱ চলাব বুলি বতৰ বিজ্ঞান বিভাগে সকীয়নি দিছে৷ ইতিমধ্যে শিবিৰসমূহত বৰষুণ আৰম্ভ হৈছে আৰু ঠায়ে ঠায়ে ৰঙা পতাকা আঁৰি দিয়া হৈছে৷ বিগত দুটা দশকৰ ভিতৰত বাংলাদেশত সাগৰীয় ঘূর্ণি ম’কা সবাতোকৈ শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে৷ বাংলাদেশ–ম্যানমাৰ উপকূলীয় অঞ্চলৰ সমীপত থকা বিমানবন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে৷ মাছমৰীয়াক সাগৰত মাছ মাৰিবলৈ বন্ধ কৰি দিয়া হৈছে৷ ম’কাৰ তাণ্ডৱত ক্ষতিগ্রস্ত হ’ব পৰা অঞ্চলসমূহৰ পৰা লোকসকলক আঁতৰাই নি আশ্রয় শিবিৰত ৰখা হৈছে৷ মন কৰিবলগীয়া যে টার্প’লিনৰ দ্বাৰা নির্মিত শিবিৰত থকা ৰহিংগা শৰণার্থীৰ জীৱনলৈও এই ঘূর্ণিয়ে শংকা নমাই আনিব পাৰে৷