নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ ২ কোটি হিন্দু অহাটো হাস্যকৰ

বজালীৰ মাজিউপাৰাত বিজেপিৰ কর্মী সভাত নগেন চৌধুৰী

নিয়মীয়া বার্তা, ২৫ ডিচেম্বৰঃ ‘বাংলাদেশৰ পৰা ২ কোটি হিন্দু নাগৰিকৰ আগমনক লৈ যি বাতৰি প্রচাৰ হৈছে সেয়া সম্পূর্ণ ভিত্তিহীন উৰাবাতৰি ৷ এনে কিছুমান উৰাবাতৰিয়ে সর্বসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে ৷ এই বিভ্রান্তিকৰ বাতৰিত যেন ৰাইজ ভোল নাযায় ৷’ – এই বক্তব্য বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীৰ ৷ মঙলবাৰে বিজেপিৰ বজালী জিলা সমিতিৰ অন্তর্গত বিভিন্ন বুথ কমিটীৰ সভাপতি, ৱার্ড কমিছনাৰ, পঞ্চায়ত সভাপতি, সদস্য তথা কর্মকর্তাক লৈ বজালী মহকুমাৰ মাজিউপাৰাত অনুষ্ঠিত এখন কৰ্মীসভাত ভাষণত চৌধুৰীয়ে কয়– ‘দলটো শক্তিশালী কৰিবলৈ তৃণমূল পর্যায়ৰ শিপা মজবুত হ’ব লাগিব ৷ শিপা মজবুত হ’লেহে আমি অনাগত ভৱিষ্যতত মাৰবান্ধি থিয় হ’বলৈ সাহস পাম ৷’ নাগৰিকত্ব সংশোধনী আইনখনৰ সন্দর্ভত তেওঁ কয় যে এই আইনখন কংগ্রেছৰ দিনতে উত্থাপন কৰা এখন বিল আছিল ৷ বিভিন্ন পর্যায়ত প্রায় ৯ বাৰ সংশোধনৰ পাছতহে বিজেপিয়ে এক শক্তিশালী পদক্ষেপ গ্রহণ কৰি বিলখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰে ৷ এতিয়া এই বিলখন আইনত পৰিণত হ’ল আৰু ইয়াত অসমবাসীয়ে ভয় কৰিবলগীয়া একো কথা নাই ৷

অসমীয়া জাতি সদায় সুৰক্ষিত হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আইনখনৰ জৰিয়তে অসমত ইতিমধ্যে বাস কৰি থকা মাত্র ৫ লাখ হিন্দু লোকেহে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব আৰু ইয়াৰে মাত্র ৪০ হাজাৰহে বৰপেটা জিলাত আছে ৷ এই হিন্দু নাগৰিকত্বক লৈ যিবোৰ উৰাবাতৰি সম্প্রতি প্রচাৰ হৈছে সেইবোৰত বিজেপিৰ তৃণমূল কর্মীসকলক ভোল নাযাবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে দলটোক শক্তিশালী কৰাত সকলোৰে সহযোগিতা বিচাৰে ৷ ভাৰতবর্ষ শক্তিশালী হৈ থাকিলেহে অসম শক্তিশালী হৈ থাকিব বুলি ভাষণত উল্লেখ কৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত এই সর্বভাৰতীয় দলটোক শক্তিশালী কৰিবলৈ সকলো পক্ষকে তেওঁ আহ্বান জনায় ৷

কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে ৰাইজলৈ আগবঢ়োৱা সকলোবোৰ সৰু–বৰ আঁচনিৰ বিষয়ে সভাত ব্যক্ত কৰি চৌধুৰীয়ে সভাখনত‘ইন্দিৰা মিৰি বিধৱা পেন্সন’ৰ প্র–পত্র ৰাইজৰ মাজত বিতৰণ কৰে আৰু জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোৱে এই চৰকাৰী সুবিধাসমূহ কেনেকৈ লাভ কৰিব সেই বিষয়ে ব্যাখ্যা কৰে ৷ ১১৬নং বৰবাং গাঁও পঞ্চায়তৰ সভাপতি ৰত্ন বর্মনে আঁত ধৰা এই সভাত অঞ্চলটোৰ জ্যেষ্ঠ বিজেপি নেতা তথা বজালী জিলা সমিতিৰ প্রাক্তন ডপ–সভাপতি পদ্ম শর্মাই দলটোৰ এই সংকটকালত সকলোকে একগোট হৈ থিয় দিবলৈ আহ্বান জনায় আৰু দলটোৰ বিৰুদ্ধে উত্থাপিত বিভ্রান্তিকৰ বাতৰিবোৰত ভোল নাযাবলৈ অনুৰোধ জনায় ৷ সভাত বৰবাং গাঁও পঞ্চায়তৰ উপ–সভাপতি ধ্রুৱজ্যোতি চৌধুৰী, প্রাক্তন মুখ্য কাউঞ্চিলাৰ মঞ্জুৰাণী দাস, প্রাক্তন সভাপতি ইৰা কলিতা, বুথ সভাপতি দেৱেশ্বৰ ক্ষত্রিয়, বয়োজ্যেষ্ঠ দলীয় কর্মকর্তা ৰমণী দাস, কল্যাণ তালুকদাৰকে ধৰি কেইবাজনো নেতাই ভাষণ প্রদান কৰে ৷

You might also like