নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক দলবদ্ধ আক্রমণ

নিয়মীয়া বার্তা ১৪ ফেব্রুৱাৰীঃ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তর্গত খৰিচালা চিটাঘাটত চলি থকা জুৱা খেলৰ বাতৰি সংগ্রহ কৰিবলৈ যাওঁতে আক্রমণৰ সন্মুখীন হয় কেইবাজনো সাংবাদিক৷ ৰাইজ আৰু সাংবাদিকক দেখি প্রথমে জুৱাৰীসকলে পলাবলৈ চেষ্টা কৰে যদিও কিছু সময় পিছতে জুৱাৰীসকল একত্রিত হয়৷ জুৱাৰীৰ দলটোৱে অভিযানকাৰী ৰাইজ আৰু সাংবাদিকৰ দলটোক আগছি ধৰি মাৰপিট কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্ত কৰে৷ আব্দুল মালেক, আব্দুল কাদেৰ, নুৰুল ইছলাম, মোজাহাৰুল ইছলামৰ লগতে কেইবাজনো জুৱাৰীয়ে স্থানীয় যুৱক আব্দুল জুব্বাৰক মাৰপিট কৰে৷ ইফালে আব্দুল কাদেৰ আৰু নুৰুল ইছলামে খুকুৰী আৰু বাঁহৰ লাঠীৰে জুৱাবিৰোধী একাংশ লোক আৰু সাংবাদিকক হানিবলৈ চেষ্টা কৰাৰ লগতে মাৰপিট কৰিবলৈ উদ্যত হয়৷ এজন সাংবাদিকে সৰভোগ থানাত খবৰ দিয়াৰ পিছত ঘটনাস্থলীত মুহূর্তৰ ভিতৰতে আৰক্ষীৰ লোক উপস্থিত হয়৷ ইপিনে সৰভোগ আৰক্ষীয়ে বৰপেটা জিলা আৰক্ষী অধীক্ষক ড০ ৰবীন কুমাৰৰ নির্দেশত জুৱাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্র অভিযান৷ ইফালে বিভিন্ন ইলেক্ট্রনিক চেনেলৰ ৭জনকৈ সাংবাদিক অপদস্থ হোৱা ঘটনাক কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আব্দুল হাই, বৰনগৰ প্রেছ ক্লাব, কোকিলা প্রেছ ক্লাবে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ দাবী জনাইছে৷ ইতিমধ্যে জুৱাৰীৰ বিৰুদ্ধে সৰভোগ থানাত গোচৰ ৰুজু কৰা হৈছে।

You might also like