নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NRC ৰ পাছৱৰ্ড লৈ অন্তৰ্ধান হোৱাৰ সন্দৰ্ভত এজুপি বৰুৱাৰ স্পষ্টীকৰণ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্ক প্রসংগত স্পষ্টীকৰণ দাঙি ধৰিছে এন আৰ চিৰ প্রাক্তন প্রকল্প প্রৱন্ধক এজুপি বৰুৱাই৷ বৃহস্পতিবাৰে এজুপি বৰুৱাই ই–মেইলযোগে ‘নিয়মীয়া বার্তা’লৈ প্রেৰণ কৰা স্পষ্টীকৰণত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি কয়– ‘মই যোৱা ১১ নৱেম্বৰত এমাহৰ জাননী দি এন আৰ চিৰ প্রকল্প প্রৱন্ধক মেনেজাৰ পদৰ পৰা অব্যাহতি ল’লোঁ৷ মোৰ হাতত ব্যক্তিগত পাছৱর্ডটোৰ বাহিৰে সঞ্চালকালয়ৰ আৰু এন আৰ চিৰ প্রত্যেকটো বিভাগৰ পাছৱর্ড নাছিল আৰু থকাৰ প্রশ্ণই আহিব নোৱাৰে৷ যোৱা ৭ ফেব্রুৱাৰীত এন আৰ চিৰ কার্যবাহী সঞ্চালক চন্দনা মহন্তৰ পৰা মোৰ ব্যক্তিগত পাছৱর্ডটো বিচাৰি এখন পত্র লাভ কৰোঁ৷ মই ৮ ফেব্রুৱাৰীৰ পুৱা বিমানযোগে গোৱালৈ এজন আত্মীয়ৰ বিবাহৰ বাবে যাব লগা হোৱাত সঞ্চালকক মই ঘূৰি আহি গুৱাহাটী পোৱাৰ পাছত ১৭ ফেব্রুৱাৰীত নিজে কার্যালয়লৈ গৈ পাছৱর্ডটো দিয়াৰ কথা৷ ফোনযোগেও জনালোঁ আৰু ই–মেইলযোগেও এখন পত্র পঠিয়ালোঁ৷ পাছৱর্ড যিহেতু এটা গোপন তথ্য, সেই বাবে মই নিজে গৈ দিয়াটো উচিত বুলি বিবেচনা কৰিলোঁ৷ এই কথাত চন্দনা মহন্তয়ো সন্মতি জনাইছিল৷ কিন্তু ১২ ফেব্রুৱাৰীৰ দিনা মই আৰক্ষীক অভিযোগ দিয়াৰ কথা গম পোৱাত আশ্চর্যবোধ কৰোঁ আৰু লগে লগে ই–মেইলযোগে পাছৱর্ডটো চন্দনা মহন্তলৈ প্রেৰণ কৰিলোঁ৷ মই অন্তর্ধান হ’লোঁ, সকলো পাছৱর্ড মোৰ লগত আছে, এই কথাবোৰ সম্পূর্ণ অসত্য৷’

You might also like