নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ সময়ত বিদ্যুৎস্পৃষ্টৰ ঘটনা ৰোধ কৰকঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৮ মেঃ বানপানীৰ সময়ছোৱাত বিদ্যুৎস্পৃষ্ট হৈ কোনো লোকে যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ বাবে শক্তি বিভাগক আগতীয়া সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি নির্দেশ দিয়ে৷ বিপদসংকুল ড্রেন্সফর্মাৰ, বৈদ্যুতিক খুঁটা, তাঁৰ ইত্যাদিৰ উপযুক্ত নিৰীক্ষণ কৰি শীঘ্রে যথোচিত পদক্ষেপ গ্রহণ কৰাৰ বাবেও তেওঁ নির্দেশ দিছে৷ আজি মহানগৰীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত ৰাজ্যখনৰ সাম্প্রতিক বানপানী আৰু ধুমুহাৰ পৰিপ্রেক্ষিতত শক্তি বিভাগৰ কাম–কাজ পর্যালোচনা কৰাৰ উদ্দেশ্যে এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এলৰ শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এখন বৈঠকত মিলিত হয়৷

বৈঠকত মুখ্যমন্ত্রী সোণোৱালে এতিয়াও যিবোৰ গাঁও বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে, সেই গাঁওসমূহৰ জনসাধাৰণে যাতে এ পি ডি চি এলক অৱগত কৰিব পাৰে, তাৰ বাবে শীঘ্রে ৰাজহুৱা জাননী প্রকাশ কৰাৰ বাবেও নির্দেশ দিয়ে৷ বৈঠকত শক্তি বিভাগৰ তৰফৰ পৰা মুখ্যমন্ত্রীক অৱগত কৰে যে বর্তমানলৈকে ৪৭ হাজাৰ বাঁহৰ খুঁটা আঁতৰ কৰি তাৰ ঠাইত পকী খুঁটা দি বিদ্যুৎ সংযোগ প্রদান কৰা হৈছে৷ জনসাধাৰণে যাতে নিজৰ অভিযোগসমূহ অৱগত কৰিব পাৰে, তাৰ বাবে কল চেণ্টাৰ (অভিযোগ), ‘মাই বিজুলী এপ’, কাষ্টমাৰ কেয়াৰ, ই–মেইল, হোৱাট্ছএপ ইত্যাদি সন্নিৱিষ্টকৰণেৰে গ্রাহক সম্পর্কৰক্ষী বিভাগ এটা মুকলি কৰিছে৷

এ পি ডি চি এলৰ উচ্চপদস্থ বিষয়াসকলে মুখ্যমন্ত্রীক লগতে জনায় যে ৰাজ্যখনত বিদ্যুতৰ ৫৬ লাখ উপভোক্তা আছে যদিও ১৩ হাজাৰ উপভোক্তাই মুঠ ৰাজহৰ ৪২ শতাংশ প্রদান কৰে৷ ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া উদ্যোগে প্রয়োজনীয় বিদ্যুৎ লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ উদ্যোগ বিভাগৰ লগত আলোচনাত মিলিত হ’বলৈ এ পি ডি চি এলৰ শীর্ষ বিষয়াসকলক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত শীতল ভঁৰাল স্থাপনৰ জৰিয়তে কৃষিখণ্ডৰ উন্নয়ন সাধন আৰু কৃষিজাত সামগ্রীৰ প্রকৃত মূল্য লাভ কৰাৰ ক্ষেত্রত সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অগ্রাধিকাৰ দিছে৷ সেই বাবে শীতল ভঁৰাললৈ অবিৰত বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ পদক্ষেপ ল’বলৈও এ পি ডি চি এলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীয়ে লগতে বানপানী তথা ধুমুহাৰ লেখীয়া প্রাকৃতিক দুর্যোগৰ সময়ত যদিহে কোনো অঞ্চলৰ বিদ্যুৎ যোগান ব্যাহত কৰিবলগীয়া পৰিস্থিতি সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণক যথাসম্ভৱ আগতে জাননী দিয়াৰ পদক্ষেপ লোৱাৰ উপৰি বিদ্যুৎ মাচুল যাতে উপভোক্তাসকলে নিয়মীয়াকৈ পৰিশোধ কৰে, সেই সন্দর্ভত জনসচেতনতা সৃষ্টিৰ পদক্ষেপ ল’বলৈও এ পি ডি চি এলক নির্দেশ দিয়ে৷ জনসাধাৰণক অবিৰত বিদ্যুৎ যোগানৰ দিশত যাতে এ পি ডি চি এলে সম্পূর্ণ পেছাদাৰী মানসিকতাৰে কর্মত অৱতীর্ণ হয়, সেই সন্দর্ভত উপযুক্ত পদক্ষেপ ল’বলৈও এ পি ডি চি এল কর্তৃপক্ষক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে উপ–সংমণ্ডল পর্যায়ত নিৰীক্ষণ আৰু তদাৰকী সমিতিৰ বৈঠক নিয়মিতভাৱে অনুষ্ঠিত কৰা আৰু এইক্ষেত্রত স্থানীয় বিধায়কসকলক লগত লৈ যথোপযুক্ত পদক্ষেপ গ্রহণ কৰাৰ বাবেও নির্দেশ দিয়ে৷

ক’ভিড–১৯ৰ সময়ছোৱাত শক্তি বিভাগে আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্রীয়ে বিভাগটোক ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পাছতে বিজুলী ভৱন চৌহদত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয় যে বর্তমান ৰাজ্যখনৰ কেইবাখনো জিলা বানপানীৰ কবলত পৰাৰ উপৰি ‘উম্পুন’ ঘূর্ণী বতাহৰ প্রভাৱত নামনি অসমৰ কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্রস্ত হৈছে৷ তদুপৰি এই দুর্যোগৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থাৰো যথেষ্ট ক্ষতি হৈছে৷ বর্তমান ৰাজ্য চৰকাৰে উপর্যুপৰি কেইবাটাও সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে৷ এই মূহূর্তত বানপানী, ধুমুহা, ক’ভিড–১৯ আৰু ছোৱাইন ফ্লুৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিয়াৰ বাবে মনোবল অটুট ৰাখিব লাগিব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে এইক্ষেত্রত জনসাধাৰণৰ সহযোগত ব্যৱস্থা গ্রহণ কৰিছে৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, বিধায়ক ডাঃ নোমল মমিন, এ পি ডি চি এল, এ পি জি চি এল, এ ই জি চি এলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, বিদ্যুৎ বিভাগৰ আটাইকেইটা কোম্পানীৰ পৰিচালন সঞ্চালক প্রমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে

You might also like