নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ জুৰী নির্বাচিত ৰীমা দাস

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয়– আন্তঃৰাষ্ট্রীয় স্তৰত সমাদৰ লাভ কৰা অসমৰ প্রখ্যাত চলচ্চিত্র নির্মাতা ৰীমা দাস বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ জুৰী সদস্য হিচাপে নির্বাচিত হৈছে৷ অহা ২৮ ফেব্রুৱাৰীত বার্লিনৰ ইউৰানিয়াত অনুষ্ঠিত হ’বলগীয়া জেনেৰেচন ১৪ প্লাছ প্রতিযোগিতাৰ বাবে বঁটা বাছনি কৰিবলৈ বিশ্বৰ আন দুগৰাকী চলচ্চিত্র নির্মাতাৰ সৈতে অসম কন্যা ৰীমা দাসক জুৰী হিচাপে মনোনীত কৰা হৈছে৷ আন দুগৰাকী জুৰী সদস্য হ’ল আব্বাছ আমিনি আৰু জেন্না বেছ৷

উল্লেখ্য যে যোৱাবছৰ ৰীমা দাস পৰিচালিত বহুচর্চিত অসমীয়া ছবি ‘বুলবুল কেন ছিং’ বার্লিন আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱলৈ আমন্ত্রিত হৈছিল৷ ইফালে, এই মহোৎসৱৰ জুৰীৰ সন্মান লাভ কৰাত আনন্দ প্রকাশ কৰিছে বিশিষ্ট ছবি নির্মাতাগৰাকীয়ে৷

You might also like