বাল্য বিবাহক লৈ কঠোৰতকৈ কঠোৰ একচন লোৱা হ’ব: মুখ্যমন্ত্রী
- প’কছো আইনত ধর্মৰ কোনো বিচাৰ নাথাকে
- ইছলামিক আইন হওক, হিন্দু আইন হওক দুবছৰত বাল্য বিবাহ নোহোৱা হ’ব
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: বাল্য বিবাহ প্রতিৰোধৰ বাবে ৰাজ্যজুৰি
আৰক্ষীয়ে আৰম্ভ কৰা অভিযানক লৈ সৃষ্টি হোৱা বিতর্কৰ মাজতে শুকুৰবাৰে
মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল এক গুৰুত্বপূর্ণ বৈঠক৷ খানাপাৰাৰ
প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকিল জিলা
উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল৷ মুখ্যতঃ বাল্য বিবাহ প্রতিৰোধৰ বাবে
আৰক্ষীয়ে গ্রহণ কৰা পদক্ষেপ তথা আইনী দিশবোৰ চালি–জাৰি চোৱাৰ লক্ষ্যৰে
অনুষ্ঠিত এই বৈঠকত ভার্চুৱেলী উপস্থিত থাকে পঞ্চায়তৰ সচিবসকল৷ এই বৈঠকতে
বাল্য বিবাহ বন্ধ কৰাৰ বাবে জিলা উপায়ুক্ত পর্যায়ত, পঞ্চায়ত সচিবসকলৰ
কার্যালয়ত তথা আৰক্ষীয়ে কি ধৰণে আগবাঢ়িব, আইনী ব্যৱস্থাসমূহ কি হ’ব, এই
সকলো দিশ খৰচি মাৰি আলোচনা কৰা হয়৷
বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে বাল্য বিবাহ প্রতিৰোধৰ বাবে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য–
বাল্য বিবাহ প্রতিৰোধৰ বাবে প’কছো আইন লগোৱাৰ লগতে চাইল্ড মেৰেজ
প্রহিবিটিচন আইনৰ যি কঠোৰ ধাৰা আছে, সেই সকলো লগোৱা হ’ব৷ আনহাতে আজিৰ
বৈঠক সন্দর্ভত তেওঁ কয় যে এখন গাঁৱত বাল্য বিবাহৰ খবৰ পালে আইন অনুযায়ী
কি ধৰণৰ ব্যৱস্থা লোৱা হ’ব, সেই সন্দর্ভত আজি পঞ্চায়ত সচিবসকলৰ লগতে
আৰক্ষী বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ বিশেষকৈ বাল্য বিবাহ
প্রতিৰোধৰ ক্ষেত্রত কি ধৰণে জাননী জাৰি কৰা হ’ব, আৰক্ষীয়ে কি কি ধাৰা
সংযোজন কৰিব, তদুপৰি বাল্য বিবাহৰ খবৰ প্রদানৰ বাবে কল চেণ্টাৰ বহুওৱাৰ
বিষয়ো আলোচনা কৰা হয়৷ সমান্তৰালভাৱে একোখন গাঁৱত বাল্য বিবাহ বন্ধ হৈ
গ’লে আৰক্ষীয়ে সেই গাঁওসমূহত কিধৰণে প্রমাণ–পত্র দিব, তাৰ ওপৰতো আলোচনা
কৰা হয়৷
ইফালে, বাল্য বিবাহক কেন্দ্র কৰি আৰক্ষীয়ে চলোৱা অভিযানক লৈ
গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ অসন্তুষ্টি প্রদান কৰাক লৈও
মুখ্যমন্ত্রীয়ে কয় যে প্রশাসন–আৰক্ষীয়ে আইন অনুসৰি কাম কৰি আছে৷
ন্যায়ালয়ে চৰকাৰক তেনে কোনোধৰণৰ নির্দেশনা দিয়া নাই৷ আৰক্ষীক ইতিমধ্যে এই
বিবাহ প্রতিৰোধৰ বাবে প’কছো আইনৰ লগতে আন যি কঠোৰ ধাৰা আছে লগাব দিয়া
হৈছে৷ প’কছো আইনত ধর্মৰ কোনো বিচাৰ নাথাকে৷ আমাৰ হাতত টেকনিক আছে, কিদৰে
ইয়াক বন্ধ কৰিব লাগে৷ ইছলামিক আইন হওক বা হিন্দু আইন হওক দুবছৰৰ ভিতৰত
বাল্য বিবাহ নোহোৱা হ’ব৷ উল্লেখ্য যে বৈঠকত গ্রহণ কৰা আলোচনা তথা
সিদ্ধান্তসমূহ পৰৱর্তী সময়ত কেবিনেটত অনুমোদন জনোৱা হ’ব বুলিও
মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷
ইফালে, আজিৰ বৈঠকত অহা ১৪ এপ্রিলত গীনিজ
ৱর্ল্ড ৰেকর্ড কৰাৰ লক্ষ্যৰে ১০–১৫ হাজাৰ বিহুৱতী–ঢুলীয়াক লৈ হ’ব লগা
বিহুনাচক লৈও বিস্তৃত আলোচনা হয়৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ
প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থকাৰ কথা৷ বৈঠকত প্রধানমন্ত্রীৰ
সন্মুখত হ’ব লগা এই বিহুনাচৰ বিভিন্ন দিশ তথা গীনিজ ৱর্ল্ড ৰেকর্ডত ইয়াক
সন্নিৱিষ্ট কৰাৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহো আলোচনা হয়৷
সমান্তৰালভাৱে বৈঠকত বনাঞ্চলসমূহত চলি থকা উচ্ছেদ সন্দর্ভতো আলোচনা
কৰা হয়৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত বৈঠকৰ অন্তত প্রকাশ কৰা মতে বনাঞ্চলৰ
বেদখল উচ্ছেদ কৰাৰ বাবে অভিযান চলি থাকিব৷ বুঢ়াচাপৰি অভয়াৰণ্যৰ পাছত ওৰাং
অভয়াৰণ্যত চলিব উচ্ছেদ অভিযান৷ মুখ্যমন্ত্রীয়ে কয়– কাজিৰঙাত হৈ থকা বেদখল
সকলোৰে দৃষ্টিত আছিল৷ কিন্তু বুঢ়াচাপৰি অভয়াৰণ্যত হৈ থকা এনে বৃহৎ বেদখলক
লৈ মানুহে কিয় মানি লৈছিল, তাক লৈ আচৰিত হৈছোঁ৷
ইফালে, পাভ বনাঞ্চল বেদখল উচ্ছেদৰ পাছত ক্রমাৎ সেউজ বনভূমিলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বাৰিষাৰ পাছতে পাভ বনাঞ্চল সম্পূর্ণ ধৰণে সেউজীয়া
হৈ পৰিব৷ কাজিৰঙাৰ পাছত পাভ বনাঞ্চল, বুঢ়াচাপৰি অভয়াৰণ্য মুকলি হোৱাৰ
পাছত অসমৰ বনাঞ্চলৰ পৰিমাণ বৃদ্ধি হ’ল আৰু বন্যজন্তুৰ বিচৰণভূমিৰো
সম্প্রসাৰণ ঘটিল৷