নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কোনো কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে৷ উপর্যুপৰি চেষ্টাৰ দ্বাৰাও
নিৰাশ হোৱাৰ ইও এক কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত
অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
বৃষ ঃ সহজাত–সুবুদ্ধি আৰু কার্যদক্ষতা কামত ব্যৱহাৰ কৰক৷ কিন্তু প্রায়
কামতে আপোনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব৷ ভাই–ভনীৰ পৰা অৱশ্যে ভালেই দেখা
যায়৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
মিথুন ঃ মনোবল বৃদ্ধি পাব৷ ভ্রমণতো বেছি বাধা নাপাব৷ হাতলৈ ধন অহাৰ সুযোগ
পাব৷ প্রেম–প্রীতিত সংগসুখ দেখা যায়৷ শৰীৰ মধ্যম৷ দাম্পত্যতো শুভ৷
কর্মতৎপৰ হোৱাৰ যত্ন কৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কর্কট ঃ সাধাৰণ ধন উপার্জন৷ কোনো কাৰণে লেঠা ছিগা টান হ’ব৷ অৱশ্যে গুৰুৰ
সহযোগত কিছু মানসিক দিশত উপকৃত হ’ব৷  প্রিয় লোকৰ কথাত কিছু সন্দেহ দেখা
যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
সিংহ ঃ আর্থিক উপায়ৰ কথাই কোনোৰ মনত বাৰে বাৰে চাপ দিব৷ অভাৱ–নাটনতকৈ
নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাব প্রৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে
নহয়, সাৱধান থাকক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
কন্যা ঃ কর্মাদিত মন দিয়াৰ যত্ন কৰক৷ আর্থিকত বাধা থাকিব যদিও বেছি
ভবা–চিন্তা কৰাৰ প্রয়োজন নাই বুলি ধৰিব৷ দাম্পত্যত মধ্যম৷ দুষ্ট লোকৰ পৰা
আর্থিক ক্ষতি যাতে নহয়, লক্ষ্য ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
তুলা ঃ কর্তব্যত জটিলতা পূর্বৰ দিনৰ তুলনাত কম৷ নিজৰ ধৈর্য আৰু বুদ্ধিৰ
বলত উপকৃত হ’ব৷ অনাহকত সময় অপব্যয়ৰ মুহূর্তৰ বাবে সাৱধান হওক৷ শৰীৰ
ভালেৰে গ’লেও অৱজ্ঞা কৰিব নোৱাৰিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮৷
বৃশ্চিক ঃ টকা–পইচাৰ লেনদেনত যাতে ভ্রম নহয়৷ অর্থকষ্টৰ কথা বাৰে বাৰে
মনলৈ অহাৰ পিছতে কিছু আশাপ্রদ সঁহাৰি লাভ৷ শাৰীৰিক উদ্বেগৰ মাজতো কোনো সৎ
কামত প্রেৰণা পাব৷ ৰং শুভ গেৰুৱা, শুভ সংখ্যা ৯৷
ধনু ঃ মান–মর্যাদা বাঢ়িব৷ আনহাতে, ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত
খেলি–মেলি থাকিব৷ বিদ্যাত সুযোগ নিজে ল’ব লাগিব৷ ভ্রমণত মধ্যম ফল৷ শুভ ৰং
ক্রীম, শুভ সংখ্যা ৭৷
মকৰ ঃ বিশেষ দুশ্চিন্তা থাকিব৷ তথাপি ভাবি–চিন্তি কামত আগুৱাওক৷ বিদ্যাত
অনুকূলতা থাকিব৷ জাতি–কুটুম্বৰ পৰা উপকৃত উপদেশ৷ বন্ধুৰ সহযোগ৷ মাতৃ তথা
চুবুৰীয়াৰ লগত সদ্ভাব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
কুম্ভ ঃ প্রাথমিকতে অলপ অসুবিধা বা নিঃসংগতা অনুভৱ কৰিব পাৰে৷ পিছলৈ
উন্নত৷ কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক৷ অর্থক্ষতি বিশেষ
প্রয়োজনসাপেক্ষে বুলি ধৰিব পাৰে৷ ভ্রমণত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা
১১৷
মীন ঃ বিদ্যা তথা বুদ্ধিৰ ক্ষেত্রত আপোনাৰ খুব অনুকূল নহ’লেও দুশ্চিন্তা
নাই৷ কর্মস্থানত বাধা কম৷ শেষফালে কোনো অনাহূত বিষয়ত অপ্রস্তুত হ’বও
পাৰে৷ পিতৃ–মাতৃৰ বাবে দুশ্চিন্তা৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ২৷

You might also like