নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ পৰা পদত্যাগ ৰবি শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে সোমবাৰে লোকসভাত গৃহীত হ’ল এই বিধেয়ক । বিধেয়ক গৃহীত হোৱাৰ দিনটোতে সোমবাৰে বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । উল্লেখ্য যে, কেইটামান মাহ পূৰ্বে বিজেপিত যোগদান কৰা ৰবি শৰ্মাই সোমবাৰে এক টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা । জাতীয় জীৱনৰ সংকটৰ সময়ত এজন শিল্পী হিচাপে জনগণৰ লগত থকাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে ৰবি শৰ্মাই ।

 

You might also like