নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ITছেলক প্ৰত্যাহ্বান জনাবলৈ আহিছে assamagainstcaa.in

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰাম অব্যাহত ৰখাৰ বাবে বৃহস্পতিবাৰে শিল্পীসমাজে মুকলি কৰে assamagainstcaa.in নামৰ এটা ৱেবছাইট । ফেচবুক আৰু টুইটাৰৰ জৰিয়তে এই বেৱছাইট সম্বন্ধে তথ্য লাভ কৰিব পাৰিব সকলোৱে ।

নাগৰিকত্ব সংশোধনী আইনবিৰোধী সংগ্ৰামখনৰ প্ৰতিটো তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিয়াৰ মানসেৰে এই বেৱছাইট মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে শিল্পী জুবিন গাৰ্গে । শিল্পীসমাজে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ জৰিয়তে মুকলি কৰে এই বিশেষ ৱেবছাইট । শিল্পীসমাজৰ এই সংবাদমেলত উপস্থিত থাকে জুবিন গাৰ্গৰ লগতে মানস ৰবীন, ৰবি শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু বৰষাৰাণী বিষয়া ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদৰ সমান্তৰালভাৱে ৰাজ্যত সংগীত আৰু ক্ৰীড়া অব্যাহত থাকিব বুলিও কয় শিল্পীসকলে । বিকল্প হিচাপে ২০২১ ৰ নিৰ্বাচনত কাক ভোট প্ৰদান কৰিব সেয়া বৰ্তমান স্থগিত ৰখা হৈছে বুলিও উল্লেখ কৰে শিল্পী জুবিন গাৰ্গে ।

ইফালে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই বেৱছাইটে বিজেপিৰ আই টি ছেলক প্ৰত্যাহ্বান জনাব বুলি উল্লেখ কৰে অভিনেতা ৰবি শৰ্মাই ।

You might also like