নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰৰ চীফ হোৱাৰ সপোন দেখিছে প্রমোদ বড়োৱে

কচুগাঁৱত একেদিনাই ছখন নির্বাচনী সভা হাগ্রামাৰ

নিয়মীয়া বার্তা, ২১ মার্চঃ বিটিচি নির্বাচনত জয়ী হ’বলৈ বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী প্রচাৰ তুংগত উঠিছে ৷ শুকুৰবাৰে একেদিনাই গোসাঁইগাঁৱৰ কচুগাঁও সমষ্টিত বিপিএফৰ ছয়খন সভা অনুষ্ঠিত হয় ৷ কচুগাঁও সমষ্টিৰ পৰা বিপিএফৰ প্রার্থী হাগ্রামা মহিলাৰীয়ে প্রতিখন সভাত ৰাইজক বিৰোধীৰ হাতৰ পৰা কচুগাঁও সমষ্টিটো উদ্ধাৰ কৰাৰ বাবে অনুৰোধ জনাই ভোট বিচাৰে ৷ উল্লেখ্য যে বিগত নির্বাচনত কচুগাঁও সমষ্টিত বিপিএফৰ প্রার্থী পৰাজিত হোৱাৰ পিছত পাঁচ বছৰে সমষ্টিৰ কোনো উন্নয়ন নোহোৱাত এইবেলি সমষ্টিটো বিৰোধিৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ বাবে সমষ্টিবাসীৰ অনুৰোধক্রমে হাগ্রামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিৰ উপৰি কচুগাঁও সমষ্টিত প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে ৷ বিগত পাঁচ বছৰ উন্নয়নৰ পৰা বঞ্চিত হৈ থকা সমষ্টিটো দখল কৰিবলৈ দেহেকেহে লাগি পৰিছে হাগ্রামা মহিলাৰী ৷ বিটিচি নির্বাচনক লক্ষ্য কৰি শুকুৰবাৰে গোসাঁইগাঁৱৰ কচুগাঁও সমষ্টিৰ জলেশ্বৰী, টাকামপুৰ, নবীন নগৰ, উত্তৰ গংগীয়া, দক্ষিণ গংগীয়া, বৈৰালীত অনুষ্ঠিত সভাত নির্বাচনী প্রচাৰ চলাবলৈ গৈ বিপিএফ দলৰ নির্বাচনী গান বজাই ৰাইজক নচুওৱাৰ লগতে নিজেও হাত চাপৰিৰে ৰাইজক উৎসাহিত কৰে ৷

হাগ্রামা মহিলাৰীৰ এই অভিনৱ নির্বাচনী প্রচাৰে ৰাইজক আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে ৷ সভা আৰম্ভ হোৱাৰ পূর্বে নাচি–গাই আনন্দ উল্লাস কৰাৰ পিছত হাগ্রামা মহিলাৰীয়ে দলৰ হৈ ভোট মাগি বিৰোধী দলৰ সমালোচনাত মুখৰ হৈ পৰে ৷ বিশেষকৈ এবছুৰ প্রাক্তন সভাপতি তথা ইউপিপিএলৰ সভাপতি প্রমোদ বডোক সমালোচনা কৰি তেওঁক ৰাজনৈতিক বেপাৰীৰ লগত তুলনা কৰি কয়– পৃথক ৰাজ্যৰ দাবীক বিসর্জন দি নিজে বিটিআৰৰ চীফ্ হোৱাৰ সপোন দেখিছে যদিও মই থকালৈকে ৰাইজে তেওঁৰ এই সপোন বাস্তবায়িত হ’বলৈ নিদিয়ে৷ হাগ্রামাই বিটিআৰক ভুৱা বুলি উল্লেখ কৰে ৷ শেহতীয়া বডো শান্তি চুক্তিমর্মে প্রস্তাৱিত বিটিআৰ সম্পূর্ণ মিছা আৰু ভুৱা ৷ বিটিআৰত নতুনত্ব একো নাই ৷ বিটিআৰ হ’লেও ২০০৩ৰ চুক্তিমর্মে গঠিত বিটিচিত কোনো পৰিৱর্তন হোৱা নাই৷ বিটিচিৰ ৰাইজৰ আশীর্বাদত মই আকৌ বিটিচিৰ ক্ষমতালৈ আহিম, তাত কোনো সন্দেহ নাই৷ প্রমোদ বডোৱে নিজৰ ভুলটো ধৰিব পাৰি এতিয়া বিশেষকৈ বড়ো ৰাইজক মিছা কথা কৈ বিপথে পৰিচালিত কৰিছে ৷ বড়ো জনগোষ্ঠীৰ ঠিকাদাৰ হৈ নিজকে বড়ো দৰদী নেতা বুলি জাহিৰ কৰিব বিচৰা প্রমোদ বড়োৰ কথা কোনেও শুনিব নালাগে বুলি হাগ্রামা মহিলাৰীয়ে ৰাইজক অনুৰোধ জনায় ৷

প্রমোদ বড়োৱে উর্খাও গৌৰা ব্রহ্মৰ আসনখন দখল কৰি নিজকে হীৰো বুলি ভাবি আছে বুলি প্রমোদ বড়োক চোকা সমালোচনা কৰি আকৌ কয় যে ইউ পি পি এল দল বিটিচিৰ স্বার্থত অতীতত কোনো কাম কৰিব পৰা নাই, ভৱিষ্যতেও যে নোৱাৰে সেয়া ৰাইজে উপলব্ধি কৰি আছে ৷ তেনে এটা দলত ভোট দি বিটিচিৰ শান্তি–সম্প্রীতি তথা উন্নয়নৰ ধাৰা ব্যাহত নকৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে কচুগাঁৱত বিপুল ভোটত তেওঁক জয়ী কৰাৰ লগতে বিটিচিৰ আন সমষ্টিৰ ৰাইজকো নাঙলৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ৷ ইপিনে, শুকুৰবাৰৰ ছখন সভাতে আন দল এৰি বিপিএফত পাঁচ শতাধিক লোকে যোগদান কৰে বুলি বিপিএফ দলৰ সূত্রত প্রকাশ ৷

You might also like