নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত বিপিএফক ক্ষমতাচ্যুত কৰাটো জৰুৰী

ইউপিপিএলৰ কার্যবাহী সভাপতিৰ দায়িত্ব লৈ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত শান্তি আৰু উন্নয়নৰ স্বার্থত শাসকীয় বি পি এফক আগন্তুক বিটিচি নির্বাচনত উৎখাত কৰাৰ আহ্বান জনাইছে এবছুৰ প্রাক্তন সভাপতি তথা ইউ পি পি এলৰ নৱনির্বাচিত কার্যকৰী সভাপতি প্রমোদ বড়োৱে ৷ বিজনীৰ লেচিয়াগাঁৱত ইউ পি পি এলৰ চতুর্থ বার্ষিক অভিৱর্তনৰ দ্বিতীয় দিনা অনুষ্ঠিত মুকলি সভাত অংশ লৈ বড়োৱে বি পি এফৰ দুর্নীতিৰাজৰ অৱসান ঘটাই বিটিচি তথা বি টি আৰৰ উন্নয়ন আৰু প্রগতি ত্বৰান্বিত কৰি তোলাৰ বাবে ৰাইজক অনুৰোধ জনায়৷ সক্রিয় ৰাজনীতিত অংশগ্রহণৰ পৰিকল্পনা নাছিল যদিও সময়ৰ আহ্বানত ৰাজনীতিৰ পথাৰখনত প্রৱেশ কৰিবলগীয়া হ’ল বুলি উল্লেখ কৰি তেওঁ কয়– মই কোনো ৰাজনীতি নকৰোঁ বুলি ভাবি চিৰদিন সংগ্রাম কৰি যাম বুলি ভাবিয়ে আগবাঢ়ি গৈ আছিলোঁ ৷ সংগ্রাম কৰিয়ে সমস্যাসমূহৰ সমাধানৰ বাট মুকলি কৰাৰ চেষ্টা কৰিছিলোঁ ৷ কিন্তু সময় উকলি যোৱাৰ লগে লগে বিভিন্ন কথাৰ উপলব্ধি আৰু চিন্তা আহিছে ৷ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ হ’লে ৰাজনৈতিকভাৱে কাম–কাজ কৰিব লাগিব বুলি শেষত অনুভৱ হৈছে ৷ ইফালে বি টি এ ডি অঞ্চলৰ ৩২ লাখ লোকৰ সম–উন্নয়ন আৰু দুর্নীতি–ভ্রষ্টাচাৰমুক্ত সমাজ গঢ়ি তুলিবলৈ বিটিচিৰ পৰা বি পি এফক ক্ষমতাচ্যুত কৰাটো জৰুৰী হৈ পৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে তৃতীয়খন বড়ো চুক্তি সম্পন্ন হোৱাৰ পাছত সমগ্র অঞ্চলতে শান্তি প্রতিষ্ঠা হ’ল ৷ দুর্নীতি–ভ্রষ্টাচাৰ কৰি শাসন চলাই থকা বি পি এফ দলক আগন্তুক দিনত উৎখাত কৰাৰ বাবে ৰাইজৰ সন্মুখত এক ডাঙৰ প্রত্যাহ্বন হিচাপে থিয় দিছে ৷

আনহাতে, সশস্ত্র সংগ্রামৰ জৰিয়তে বি টি এ ডিত হাগ্রামা মহিলাৰীয়ে ক্ষমতালৈ আহি ৰাইজক প্রতাৰণা আৰু প্রৱঞ্চনা কৰা বুলি কঠোৰ সমালোচনা কৰি তেওঁ কয় যে সশস্ত্র সংগ্রামী নেতাসকলে ৰাজপাটত বহি সুশাসন প্রৱর্তন কৰাৰ বহু উদাহৰণ আছে ৷ উত্তৰ–পূর্বাঞ্চলৰ মিজোৰামত সশস্ত্র আন্দোলনৰ পৰিসমাপ্তি ঘটাই লাল ডেংগাৰ নেতৃত্বত চৰকাৰ গঠন আৰু দুর্নীতিমুক্ত ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰি শিক্ষাৰ ক্ষেত্রত আগুৱাই নিবলৈ সক্ষম গৈছে ৷ সেইদৰে কিউবাত সশস্ত্র সংগ্রামৰ জৰিয়তে স্বাধীন কৰি প্রধানমন্ত্রী নির্বাচিত ফিডেন কট্রাই ১৭ বছৰ শাসন কৰি দেশখনক বহু আগুৱাই নিবলৈ সক্ষম হৈছিল ৷ একেদৰে ২০০৩ চনত চুক্তিত স্বাক্ষৰ কৰি বি টি এ ডিত হাগ্রামা মহিলাৰীৰ নেতৃত্বত সশস্ত্র সংগ্রামীৰ দলে শাসনত বহাৰ সময়ত ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছিল৷ ৰাইজে আশা কৰিছিল সমগ্র অঞ্চলত শান্তি হ’ব, ৰাইজৰ দুখ–দুর্গতি, সমস্যাৰ বিষেয়ে শাসকসকলে বুজি পাব৷ কিন্তু ৰাইজৰ সকলো আশাত চেঁচাপানী ঢ়ালি বিগত বছৰসমূহত হাগ্রামা মহিলাৰীয়ে দুর্নীতিৰ বৃহৎ বজাৰ গঢ়ি তুলিবলৈ সক্ষম হ’ল৷ ইফালে হাগ্রামা মহিলাৰী বাহিনীয়ে বিগত সময়ত ধনবল আৰু বাহুবল প্রয়োগ কৰি বি টি এ ডিত কেৱল শক্তিশালী লোকেহে ৰাজনীতি কৰিব পৰা ব্যৱস্থা প্রৱর্তন কৰা বুলি অভিযোগ কৰি প্রমোদ বড়োৱে ৰাইজক ৰাজনৈতিক পৰিৱর্তনৰ ‘ৰিভুলিউছ’ গঢ়ি তোলাৰ আহ্বান জনায়৷ বড়ো–নাবড়োৰ নামত সুবিধাবাদীয়ে ৰাজনীতি কৰি অহা বুলি জানিবলৈ দি আগন্তুক দিনত বি টি আৰত সকলো জাতি–জনগোষ্ঠীয়ে সম–উন্নয়ন পাবই লাগিব বুলি তেওঁ ভাষণ প্রসংগত মন্তব্য কৰে৷ তেওঁ আগন্তুক বিটিচি নির্বাচন ভয় আৰু শংকাবিহীনভাৱে শান্তিপূর্ণভাৱে চৰকাৰে অনুষ্ঠিত কৰি ৰাইজক নিজৰ জনমত ব্যক্ত কৰাৰ সুবিধা প্রদানৰ বাবে অনুৰোধ জনায়৷ আনহাতে, ইউ পি পি এলৰ সভাপতি তথা প্রাক্তন ৰাজ্যসভাৰ সাংসদ ইউ জি ব্রহ্মই আগন্তুক বি টি এ ডি নির্বাচনত দলে ক্ষমতালৈ আহিলে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিগত সময়ছোৱাত সংঘটিত দুর্নীতি–নিয়মৰ তদন্তৰ ব্যৱস্থা কৰিব বুলি ভাষণ প্রসংগত উল্লেখ কৰে৷ ইউ পি পি এল দলে বি টি এ ডিত দুর্নীতিৰ বিৰুদ্ধে সবল প্রতিবাদ কৰি আহিছে বুলি মন্তব্য কৰি কয় যে বিগত সময়ত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলে বি টি এ ডিত লুণ্ঠনৰাজ চলাইছিল যদিও ২০১৫ চনত ইউ পি পি এল দলে সাতজনকৈ এম চি এল এ নির্বাচিত হৈ যোৱাৰ পাছত সদনত ইয়াৰ বিৰোধিতা কৰা হৈছে ৷ উন্নয়নমূলক কাম–কাজসমূহত সংঘটিত দুর্নীতিসমূহ ইউ পি পি এলৰ জনপ্রতিনিধিসকলে চকু দি প্রতিবাদ সাব্যস্ত কৰি অহাত যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ইউ পি পি এল দলে শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰাৰ ফলত বি পি এফ দলৰ এম চি এল এ, ই এমৰ লগতে চীফ হাগ্রামা মহিলাৰীও দুর্নীতি কৰাৰ ক্ষেত্রত বহুবাৰ ভাবিবলগীয়া হৈছে৷ আগন্তুক বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীৰ কুশাসনৰ বিৰুদ্ধে ৰাইজ ওলাই আহি বি পি এফক ওফৰাবলৈ তেওঁ আহ্বান জনায়৷ সভাত এম চি এল এ ৰণগৌৰা নার্জাৰীয়ে আদৰণী ভাষণ আগবঢ়াই এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ দলত যোগদানে অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে৷ সাংসদ নৱ কুমাৰ শৰণীয়াই দল গঠন কার্যক আদৰণি জনাই নার্জাৰীলৈ আগন্তুক নির্বাচনত বড়ো–বড়োৰ নামত ৰাজনীতি নচলিব বুলি তেওঁ ভাষণ প্রসংগত জানিবলৈ দিয়ে৷ সভাত দলৰ সাধাৰণ সম্পাদক মাওতি ব্রহ্ম হাজোৱাৰী, এন ডি এফ বি (পি)ৰ সাধাৰণ সম্পাদক এছ সাঞ্জাৰাংগ, প্রাক্তন গৃহ আৰু বিত্ত সচিব ৰাজু গৌৰা মুছাহাৰী, পি জে এ চি বি এমৰ মুখ্য আহ্বায় ৰাকেশ ব্রহ্মকে ধৰি নেতৃবর্গ উপস্থিত থাকে৷ আজি পুৱাৰ ভাগত সভাপতি উর্খাও গৌৰা ব্রহ্মই পতাকা উত্তোলনৰ পাছতে শ্বহীদ তর্পণ কার্যসূচী মুকলি কৰে উপ–সভাপতি ভ্রমণ বাগলাৰীয়ে৷ ইয়াৰ পাছতে ঐক্য আৰু শান্তি সমদল উদ্বোধন কৰে সভানেত্রী প্রতিভা ব্রহ্মই৷ কালি নিশা সভাপতি ব্রহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্রতিনিধি সভাত আগন্তুক বি টি এ ডি নির্বাচনক লৈ কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি দলৰ নির্বাচনী ইস্তাহাৰ প্রস্তুত কৰাৰ বাবে ৰণগৌৰা নার্জাৰী, উপ–সভাপতি প্রতিভা ব্রহ্ম, সদস্য ৰাজু কুমাৰ নার্জাৰীক লৈ সমিতি গঠন কৰে৷ আনহাতে, অহা ২৫ ফেব্রুৱাৰীত মুছলপুৰত আয়োজিত এক বৈঠকত প্রার্থী তালিকা আৰু নির্বাচন পৰিচালনা সমিতি গঠনৰ সিদ্ধান্ত লয়৷ সভাত বাগ্সা, কোকৰাঝাৰ, চিৰাং আৰু ওদালগুৰিৰ ৩,৫০০গৰাকীতকৈ অধিক প্রতিনিধিয়ে অংশ লয়৷ সভাত প্রাক্তন এবছু নেতা প্রমোদ বড়োৰ লগতে পর্বতঝৰাৰ এম চি এল এ জ্যোতিন্দ্র ব্রহ্ম, এবছুৰ প্রাক্তন মুখপাত্র বাৰলাও কে কার্জী, এবিএমছুৰ প্রাক্তন সাধাৰণ সম্পাদক নজৰুল ইছলাম, সদৌ অসম বাঙালী ছাত্র ফেডাৰেচনৰ প্রাক্তন সভাপতি কমল চৌধুৰী, ৰাভা ছাত্র সন্থাৰ কোকৰাঝাৰ জিলাৰ প্রাক্তন সম্পাদক প্রীত কুমাৰ ৰাভা, গোৰেশ্বৰৰ প্রাক্তন এম চি এল এ পৱিত্র কুমাৰ বড়ো, ভাৰতীয় গণ পৰিষদৰ প্রাক্তন সভাপতি সুধেন্দু মোহন তালুকদাৰ, বেংগলী টাইগাৰ ফ’চৰ ৱেলফেয়াৰ ছ’চাইটীৰ প্রাক্তন সভাপতি বিবেক ৰয়সহ পাঁচ শতাধিক লোকে ইউ পি পি এলত যোগ দিয়ে৷ ইফালে এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োক দলত কার্যকৰী সভাপতিৰ দায়িত্বভাৰ প্রদান কৰে৷ সভাত এন ডি এফ বি (প)ৰ সভাপতি গোবিন্দ বসুমতাৰীও উপস্থিত থাকে৷ ইফালে এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ ইউ পি পি এলত যোগদানে দলটোৰ বাবে নতুন ইঞ্জিন বুলি অভিহিত কৰি দলৰ জ্যেষ্ঠ নেতা ৰণগৌৰা নার্জাৰীয়ে সাংবাদিকৰ আগত কয় যে এতিয়া দলত নতুন ইঞ্জিনসহ নতুন দবা আহি গ’ল৷ এই নতুন ইঞ্জিন আৰু দবাই দলটোক নতুন নতুন অঞ্চল আৰু সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যাব আৰু দল অধিক শক্তিশালী হ’ব ৷

You might also like