নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া ৰেচন যোগান ধৰি হাগ্ৰামাই ভোটাৰক প্ৰভাৱান্বিত কৰিব বিচাৰিছেঃ প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ সময়ত বিটিচি অঞ্চলৰ জনসাধাৰণ যাতে খাদ্য সংকটত ভুগিবলগীয়া নহয়, তাৰ বাবে বিনামূলীয়াকৈ চাউল-দাইল যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

অঞ্চলটোত বসবাস কৰা চাৰে পাঁচ লাখ দুখীয়া পৰিয়ালক এই সময়ছোৱাত ২৫ কিলো চাউল, ২ কিলো দাইল, আধা লিটাৰ মিঠাতেল আৰু নিমখ যোগান ধৰা হ’ব ।

কিন্তু হাগ্ৰামা মহিলাৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে । বড়োৰ মতে, এই কাৰ্যৰ দ্বাৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ ভোটাৰ ৰাইজক প্ৰভাৱান্বিত কৰিব বিচাৰিছে ।

উল্লেখ্য যে যোৱা ১১ মাৰ্চৰ পৰায়ে বিটিচি অঞ্চলত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে । ক’ৰোনাৰ আতংকৰ বাবে সাময়িকভাৱে বিটিচি নিৰ্বাচন স্থগিত কৰিলেও মহিলাৰীৰ এই পদক্ষেপে নিৰ্বাচনত তাৰ প্ৰভাৱ পৰিব বুলি সভাপতি প্ৰমোদ বড়োৱে অভিযোগ কৰে ।

You might also like